নিউজ ডেস্ক,28 অক্টোবৰঃ এগৰাকী জেষ্ঠ্য PDPৰ নেতাই বুধবাৰে বিজেপি দলত যোগদান কৰে ৷ বিজেপিত যোগদান কৰি জম্মু-কাশ্মীৰ যি সকল নাগৰিকে ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান প্ৰৰ্দশন নকৰে আৰু বদনাম কৰাৰ চেষ্টা কৰে তেওঁলোকক সৰ্মথন নকৰে বুলি উল্লেখ কৰে ৰমজান হুছেনে ৷
দলীয় এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে যে, ৰমজান হুছেইন PDPত যোগদান কৰাৰ পূৰ্ৱে BSP দলৰ হৈ বানী বিধানসভা সমষ্টিৰ পৰা 2014 চনত নিৰ্বাচনত প্ৰতিদন্দিতা কৰি পৰাজিত হৈছিল ৷ সেই গৰাকী নেতাক বুধবাৰে জম্মু- কাশ্মীৰৰ বিজেপিৰ অধক্ষ্য ৰবিন্দ্ৰ ৰাইনাই দললৈ আদৰণি জনাই ৷
ইপিনে হুছেইনে কয় যে,PDP দলৰ পৰা পদত্যাগ কৰি এই কাৰণে বিজেপি দলত সৰ্মথকৰ সৈতে যোগদান কৰিছে জম্মু-কাশ্মীৰৰ নাগৰিকে প্ৰধান মন্ত্ৰীৰ নীতি ,আৰ্দশৰ প্ৰতি আৰ্কষিত হৈছে আৰু অনাগত দিনত মোদীৰ নেতৃত্বত জম্মু-কাশ্মীৰৰ উন্নয়ন আৰু তৰান্বিত হ’ব বুলি আশাবাদী ৷
লগতে পঢ়কঃ বজালীৰ শ্বহীদ ৰবেন দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন