নিউজ ডেস্ক, ৮ জুনঃ জনপ্ৰিয় তথা বহুলভাৱে ব্যৱহাৰ্য হোৱা ডিজিটেল পমেণ্ট মাধ্যম 'পেটিএম' ঋণ সেৱা সম্প্ৰসাৰণৰ ঘোষণা কৰে । য'ত ব্যৱহাৰকাৰীসকলে চুবুৰীত থকা ষ্টোৰ সমূহৰ উপৰিও ৰিলায়েঞ্চ ফ্ৰেছ,হলদীৰাম,এপল' ফাৰ্মাচী,ক্ৰ' মা,শ্বপাৰ ষ্টপৰ দৰে অন্য খুচুৰা সামগ্ৰী ক্ৰয় কৰিবলৈ সহজ কৰি তোলাৰ অৰ্থে এই ব্যৱস্থা হাতত লৈছে বুলি সদৰী কৰে।
পেটিএম পোষ্টপেইড কাৰ্ডৰ মূল লক্ষ্য হৈছে মাহিলী ঘৰুৱা খৰ্চাত ব্যয় কৰিবলৈ নগদ টকা উলিওৱাৰ পৰা ৰেহাই দিয়া। আনহাতে,এই 'পেটিএম' পোষ্টপেইড কাৰ্ডৰ পৰা ব্যৱহাৰকাৰীসকলে ষ্টোৰৰ পৰা গাখীৰকে ধৰি অন্যান্য ঘৰুৱা সামগ্ৰী ক্ৰেডিটৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব বুলি উল্লেখ কৰে ।
পেটিএম এপ ব্যৱহাৰকাৰীসকলে সামগ্ৰী ক্ৰয় কৰি ধন প্ৰদানৰ সময়ত যাতে তাতৎক্ষণিক পেটিএম পোষ্টপেইড ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে পেটিএম কৰ্তৃপক্ষই দুটা নন-বেংকিং আৰ্থিক সংস্থাৰ সৈতে একগোট হৈ এই পোষ্ট কাৰ্ড মুকলি কৰাৰ সিদ্ধান্ত লৈছে বুলি সদৰী কৰে ।
লগতে চাওকঃ অখিল গগৈৰ মুক্তিৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ