ETV Bharat / bharat

ক'ভিড ৰোগীৰ চিকিৎসাৰ নামত অক্সিজেনৰ অপব্যয় হৈছে

author img

By

Published : Aug 22, 2020, 6:21 PM IST

অক্সিজেনৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা জাৰি কৰিলে কৰ্ণাটক চৰকাৰৰ স্বাস্থ্য বিভাগে । স্বাস্থ্য বিভাগৰ মতে, ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক অক্সিজেনৰ ব্যৱহাৰ হৈছে। নিৰীক্ষণৰ অভাৱত অক্সিজেনৰ অপব্যয় হৈছে।

ক'ভিড ৰোগীৰ চিকিত্সাৰ নামত অক্সিজেনৰ অপব্যয় হৈছে:স্বাস্থ্য বিভাগ,কৰ্ণাটক

নেশ্যনেল ডেস্ক,২২আগষ্টঃ ক'ভিড-১৯ত আক্ৰান্ত হৈ জটিল অৱস্থাত থকা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেনৰ প্ৰয়োজন অপৰিহাৰ্য । কৰ'ণা এই সংকট কালত অক্সিজেনৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক বিশেষ নিষেধাজ্ঞা জাৰি কৰিছে কৰ্ণাটক চৰকাৰৰ স্বাস্থ্য বিভাগে । বিশেষজ্ঞ কমিটীৰ পৰামৰ্শমৰ্মে কৰ্ণাটক চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেন ব্যৱহাৰ কৰোঁতে এই নিৰ্দেশনাবোৰ মানি চলিব লাগিব চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে ।

শেহতীয়াকৈ কৰ্ণাটকৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত মুখ্য সচিব জাভেড আখতাৰে এখন পত্ৰত কৈছে যে, ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক অক্সিজেনৰ ব্যৱহাৰ হৈছে । পত্ৰখনত বিশেষজ্ঞ কমিটীয়ে ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহৃত অক্সিজেনৰ পৰিমাণ সন্দৰ্ভত দাঙি ধৰা বিশ্লেষণাত্মক ব্যাখ্যাও সন্নিৱিষ্ট কৰা হৈছে ।

বিশেষজ্ঞ কমিটীৰ মতে স্বাস্থ্যকৰ্মীৰ সঠিক নিৰীক্ষণ অভাৱত ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাত ব্যৱহাৰৰ নামত যধে-মধে জীৱন দায়িনী অক্সিজেনৰ অপব্যয় কৰা হৈছে, যি মানৱ সমাজৰ বাবে বৃহৎ ক্ষতি। লগতে অক্সিজনৰ অপব্যয়ে আৰ্থিক ক্ষেত্ৰতো প্ৰভাৱ পেলাব। কিয়নো ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎলালয়ত অক্সিজেন মজুত ৰাখিবই লাগিব। সেয়ে বিশেষজ্ঞ কমিটীৰ উপদেশ মতে অক্সিজেনৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা জাৰি কৰিছে কৰ্ণাটক চৰকাৰৰ স্বাস্থ্য বিভাগে । এতিয়াৰে পৰা অক্সিজেনৰ অপব্যয় হ'ব নোৱাৰাকৈ নিৰীক্ষণ কৰিব লাগিব স্বাস্থ্যকৰ্মীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.