ETV Bharat / bharat

জম্মু-কাশ্মীৰত পুনৰ পাক সেনাৰ যুদ্ধ বিৰতি উলংঘা

author img

By

Published : Jun 16, 2020, 10:42 AM IST

জম্মু-কাশ্মীৰৰ তংগাধৰ চেক্টৰত মঙলবাৰে পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে পাকিস্তানী সেনাই । তংগাধৰ চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত গুলিবৰ্ষন কৰে পাক সেনাই ।

জম্মু-কাশ্মীৰ
জম্মু-কাশ্মীৰৰ তংগাধৰ অঞ্চলত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘা

নিউজ ডেস্ক, ১৬ জুনঃ মঙলবাৰে পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে পাকিস্তানী সেনাই । জম্মু-কাশ্মীৰৰ তংগাধৰ চেক্টৰত থকা নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত গুলীবৰ্ষণ কৰে পাকিস্তানী সেনাই ।

শ্ৰীনগৰৰ প্ৰতিৰক্ষাৰ পি আৰ অ (PRO Defence) তথ্য অনুসৰি, মোটৰ্ছ আৰু অন্যান্য বিস্ফোৰক সামগ্ৰীৰে পাকিস্তানৰ তৰফৰ পৰা মঙলবাৰে পুৱা ভাৰতলৈ আক্ৰমণ কৰে পাক সেনাই । যাৰ বাবে পাকিস্তানী সেনাই যুদ্ধ বিৰতিৰ উলংঘা কৰি ভাৰতক আক্ৰমণ কৰা পাচতে ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দিয়ে বুলি সদৰি কৰে ।

উল্লেখ্য যে, চলিত বৰ্ষত জম্মু-কাশ্মীৰ নিয়ন্ত্ৰণ ৰেখাত ১০ জুন পৰ্যন্ত পাকিস্তানী সেনাই ২,০২৭ ৰো অধিক বাৰ যুদ্ধ বিৰতি উলংঘা কৰি আক্ৰমাণ কৰে বুলি সদৰি কৰে ।

আনহাতে, বিগত সপ্তাহত ৰাজোৰী আৰু পুঞ্জ অঞ্চলত পাকিস্তানী সেনাৰ গুলীবৰ্ষণত শ্বহীদ হয় তিনিগৰাকী ভাৰতীয় সেনা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.