নিউজ ডেস্ক, 30 মে': শনিবাৰে পুৱাৰ ভাগত পাক সেনাই পুণৰ বাৰ ভংগ কৰে যুদ্ধবিৰতি । পুৱা প্ৰায় 10 মান বজাত জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰিত সীমা ৰেখা (LoC)ত গুলী বৰ্ষণ কৰে পাক সেনাই । ভাৰতীয় সেনাৰ এগৰাকী মুখপাত্ৰই এই কথা অৱগত কৰে ।
পাক সেনাই লঘু অস্ত্ৰৰে সীমান্তত থকা কিৰ্নী চেক্টৰত এই গুলীচালনা কৰে । প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো গুলীচালনা কৰে বুলি মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে ।
উল্লেখ্য যে, বিগত দুমাহৰ ভিতৰক পাক সেনাই কেইবাবাৰো ভংগ কৰিছে যুদ্ধ বিৰতিৰ চুক্তি ।