ETV Bharat / bharat

জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘন পাক সেনাৰ

author img

By

Published : Aug 9, 2020, 8:50 AM IST

চলিত বৰ্ষত পাক সেনাই 2,720 বাৰতকৈও অধিক যুদ্ধবিৰতি উলংঘন কৰিছে ৷

Pakistan violates ceasefire along LoC in Poonch
জম্মু কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ

শ্ৰীনগৰ, 9 আগষ্ট : জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত দেওবাৰে পুৱা পুনৰ যুদ্ধবিৰতি উলংঘন কৰে পাকিস্তানী সেনাই ৷ পাক সেনাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় সেনাইও অব্যাহত ৰাখে গুলিচালনা ৷ পাক সেনাই বিগত সময়ত জম্মু-কাশ্মীৰ সীমান্তত ধাৰাবাহিকভাবে যুদ্ধবিৰতি উলংঘন কৰি আহিছে ৷ চলিত বৰ্ষত পাক সেনাই 2,720 বাৰতকৈও অধিক যুদ্ধবিৰতি উলংঘন কৰিছে ৷ পাক সেনাৰ এই আক্ৰমণত প্ৰায় 21 জন নাগৰিক নিহত হোৱাৰ লগতে আহত হৈছে 94 জন লোক ৷ 7 আগষ্টত পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ বনিয়াৰত ধাৰাবাহিকভাবে গুলিচালনা কৰিছিল ৷ পাক সেনাই নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ চকীসমূহক লক্ষ্য কৰি গুলিচালনা কৰিছিল ৷

ইয়াৰ পূৰ্বে 6 আগষ্টত পাক সেনাই নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ মন্ধেৰ চেক্টৰত সৰু সৰু অস্ত্ৰ আৰু মৰ্টাৰেৰে আক্ৰমণ কৰিছিল ৷ পাকিস্তানী সেনাই 5 আগষ্টৰ নিশা পুঞ্চ জিলাৰ মনকোট চেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত মৰ্টাৰেৰে আক্ৰমণ কৰিছিল ৷ পাক সেনাৰ ধাৰাবাহিক গুলিবৰ্ষণৰ বাবে সীমান্তৰ বহু লোকে নিজৰ ঘৰ-বাৰী এৰি আন ঠাইত আশ্ৰয় ল'বলৈ বাধ্য হৈছে ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.