ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ

author img

By

Published : Jun 2, 2020, 9:55 PM IST

পাকিস্তানৰ ৰেঞ্জাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাঠুৱা জিলাৰ হিৰানগৰ চেক্টৰৰ কাষত মঙলবাৰে গুলীবৰ্ষণ কৰে। ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে উচিত প্ৰত্যুত্তৰ দিয়ে ।

জম্মু আৰু কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ
জম্মু আৰু কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ

নিউজ ডেস্ক, 2 জুনঃ পাকিস্তানৰ ৰেঞ্জাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষত ভংগ কৰিছে যুদ্ধ বিৰতি। কাঠুৱা জিলাৰ হিৰানগৰ চেক্টৰৰ কাষত মঙলবাৰে পাকিস্তান সীমান্তৰ ফালৰ পৰা গুলীবৰ্ষণ কৰে। প্ৰত্যুত্তৰত সীমান্তত নিয়োজিত ভাৰতীয় সীমান্ত সুৰক্ষা বলেও গুলীচালনা কৰে। মঙলবাৰে এই কথা প্ৰকাশ কৰে আৰক্ষী বিষয়া এগৰাকীয়ে ।

যোৱা নিশা 10.30 বজাত প্ৰথমে গুলিচালনাৰ ঘটনা আৰম্ভ হয় আৰু মঙলবাৰৰ পুৱা 4.30 বজালৈ এই গুলিয়াগুলি অব্যাহত থাকে । এই সময়তেই ভাৰতীয় সেনাই বিস্ফোৰিত নোহোৱা মৰ্টাৰ এটা নিস্ক্ৰিয় কৰে। সোমবাৰে ৰাজাউৰি জিলাৰ কালালত যুদ্ধবিৰতি ভংগ কৰি গোলাবৰ্ষণ কৰাৰ সময়ত নিক্ষেপ কৰিছিল এই মৰ্টাৰ ।

লগতে চাওকঃ মহানগৰীৰ 19খন ভূমিস্খলন সম্ভাৱনাপূৰ্ণ পাহাৰক লৈ প্ৰশাসনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.