পাকিস্তান, 23 মাৰ্চঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা জ্ঞাপনৰ বাৰ্তা প্ৰেৰণ ৷ পাকিস্তান ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনলৈ শুভেচ্ছা জ্ঞাপন মোডীৰ ৷
শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷
চুবুৰীয়া ৰাষ্ট্ৰখনৰ জনসাধাৰণে গণতন্ত্ৰ আৰু শান্তিৰ হকে সকলোকে একেলগ হৈ আগবাঢ়িবলৈ আহ্বান জনায় নৰেন্দ্ৰ মোডীয়ে ৷ লগতে, পাকিস্তানক হিংসা আৰু সন্ত্ৰাসবাদমুক্ত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'বলৈ আহ্বান জনাই এই বাৰ্তা প্ৰেৰণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷