ETV Bharat / bharat

শান্তি প্ৰতিষ্ঠাৰ বাবে সুযোগ দিয়কঃ ইমৰান খান

ভাৰতে প্ৰমাণ দৰ্শালে পুলৱামা কাণ্ডৰ উচিত তদণ্ড গ্ৰহণ কৰিব বুলিও আশ্বাস পাক প্ৰধানমন্ত্ৰীৰ

etv bharat
author img

By

Published : Feb 25, 2019, 4:28 PM IST

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : ভাৰতৰ সৈতে শান্তি প্ৰতিষ্ঠাৰ আকৌ এটা সুযোগ বিচাৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰানখানে। ভাৰতে প্ৰমাণ দৰ্শালে পুলৱামা কাণ্ডৰ উচিত তদণ্ড গ্ৰহণ কৰিব বুলিও ভাৰতক আশ্বাস প্ৰদান কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ৰাজস্থানৰ এক জনসভাত ভাষণ প্ৰসংগত উল্লেখ কৰিছিল যে, 'বৰ্তমানৰ ভাৰত এক নতুন ৰূপত গঢ় লোৱা ভাৰত। ভাৰতে কেতিয়াও সন্ত্ৰাসবাদ সহ্য নকৰে। সন্ত্ৰাসবাদ দমনৰ বাবে ভাৰতে পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে।' মোডীৰ এই মন্তব্যৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে। পাকিস্তানৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ পাচতেই খানে মোডীক প্ৰদান কৰা এটা প্ৰতিজ্ঞাৰ উদ্ধৃতি প্ৰদান কৰি কয় যে নিজৰ প্ৰতিজ্ঞা তেওঁ কেতিয়াও নাপাহৰে। এজন পাঠান পুত্ৰ হিচাপে সদায়েই নিজৰ প্ৰতিজ্ঞাৰ প্ৰতি তেওঁ দৃঢ়। প্ৰধানমন্ত্ৰী হৈয়েই ভাৰতৰ সৈতে মিলি দাৰিদ্ৰতা নিৰ্মূল আৰু শিক্ষাৰ উন্নয়নৰ প্ৰতি কাম কৰি যাব বুলি মোডীক টেলিফোন যোগে কথা দিছিল ইমৰাণ খানে।

768-512-2541120-134-92c8c6a4-fee2-4af2-926b-8087aea4be7b.jpg
pakistan pm imran khan asks indian pm narendra modi to give peace a chance

শান্তি প্ৰতিষ্ঠাৰ এটা সুযোগ দিয়ক : ইমৰাণ খান

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : ভাৰতৰ সৈতে শান্তি প্ৰতিষ্ঠাৰ আকৌ এটা সুযোগ বিচাৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানে। ভাৰতে প্ৰমাণ দৰ্শালে পুলৱামা কাণ্ডৰ উচিত তদণ্ড গ্ৰহণ কৰিব বুলিও ভাৰতক আশ্বাস প্ৰদান কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। 

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ৰাজস্থানৰ এক জনসভাত ভাষণ প্ৰসংগত উল্লেখ কৰিছিল যে, 'বৰ্তমানৰ ভাৰত এক নতুন ৰূপত গঢ় লোৱা ভাৰত। ভাৰতে কেতিয়াও সন্ত্ৰাসবাদ সহ্য নকৰে। সন্ত্ৰাসবাদ দমনৰ বাবে ভাৰতে পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে।' মোডীৰ এই মন্তব্যৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে।  পাকিস্তানৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ পাচতেই খানে মোডীক প্ৰদান কৰা এটা প্ৰতিজ্ঞাৰ উদ্ধৃতি প্ৰদান কৰি কয় যে নিজৰ প্ৰতিজ্ঞা তেওঁ কেতিয়াও নাপাহৰে। এজন পাঠান পুত্ৰ হিচাপে সদায়েই নিজৰ প্ৰতিজ্ঞাৰ প্ৰতি তেওঁ দৃঢ়। প্ৰধানমন্ত্ৰী হৈয়েই ভাৰতৰ সৈতে মিলি দাৰিদ্ৰতা নিৰ্মূল আৰু শিক্ষাৰ উন্নয়নৰ প্ৰতি কাম কৰি যাব বুলি মোডীক টেলিফোন যোগে কথা দিছিল ইমৰাণ খানে। 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.