ETV Bharat / bharat

অনুচ্ছেদ 370 হৈছে সন্ত্ৰাসবাদৰ বাবে জগৰীয়াঃ ৰাজনাথ সিং - অনুচ্ছেদ 370 হৈছে সন্ত্ৰাসবাদৰ বাবে জগৰীয়াঃ ৰাজনাথ সিং

বিহাৰৰ পাটনা চহৰত আয়োজিত এখন সভাত উপস্থিত থাকে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে "জন জাগৰণ সভা"ত অংশগ্ৰহণ কৰি অনুচ্ছেদ 370ৰ লগতে সন্ত্ৰাসবাদ সম্পৰ্কত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

বিহাৰত জনসভাত ৰাজনাথ সিং
author img

By

Published : Sep 22, 2019, 9:11 PM IST

নিউজ ডেস্ক, 22 চেপ্তেম্বৰঃ পাকিস্তানক 65 আৰু 71ৰ ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ সকীয়নি প্ৰদান কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ৷ বিহাৰৰ ৰাজধানীত দেওবাৰে অনুষ্ঠিত হোৱা "জন জাগৰণ সভা"ত অংশগ্ৰহণ কৰি পাকিস্তানৰ সকীয়নি প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

নিজৰ ভাষণ প্ৰসংগত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰে ৷ অনুচ্ছেদ 370ৰ লগতে 35(A)ৰ বাবেই জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ সমস্যা সৃষ্টি হৈছিল ৷ ইয়াক খাৰিজ কৰাটো জম্মু-কাশ্মীৰৰ ৰাইজৰ বিৰুদ্ধে নহয়, ইয়াৰ অন্তৰালত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে জম্মু-কাশ্মীৰক আগন্তুক পাঁচ বছৰত পুনৰ পৃথিৱীৰ ভূ-স্বৰ্গ কৰি গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰিত কৰি লৈছিল বিজেপিয়ে ৷ পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাশ্মীৰ সমস্যা উত্থাপন কৰি তাৰ সমাধান বিচাৰিছে, কিন্তু এয়া পাকিস্তানৰ সমস্যা নহয়, এয়া ভাৰতৰ সমস্যা, ইয়াক লৈ পাকিস্তানে গুৰুত্ব নিদিয়াটোৱে ভাল ৷ অন্যথা বিশ্বৰ মানচিত্ৰৰ পৰা পাকিস্তান নিজে নিজে হেৰাই যাব ৷ পাকিস্তানে নিজৰ দেশত সংঘটিত হৈ থকা মানৱ অধিকাৰ উলংঘনৰ দৰে ঘটনাৰ ওপৰত অধিক গুৰুত্ব দিয়ক ৷ এইদৰে কয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

বিহাৰত জনসভাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

দেওবাৰে অনুষ্ঠিত হৈ যোৱা সভাত দেশৰ বহুকেইখন ৰাজ্যৰ পৰা মন্ত্ৰী, সাংসদ উপস্থিত থাকে ৷ বিহাৰৰ ৰাজধানীত অনুষ্ঠিত হোৱা সভাখনত পাকিস্তানৰ দুমুখীয়া নীতিক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ ভাৰত এক ৰাষ্ট্ৰত বিশ্বাসী শান্তিপ্ৰিয় দেশ, ভাৰতৰ বিৰুদ্ধে ঠিয় হোৱা সকলো শক্তিকে মষিমুৰ কৰাৰ সক্ষমতা ভাৰতৰ আছে ৷ যদিহে কোনোৱে ইয়াৰ বিৰুদ্ধাচাৰণ কৰে তেতিয়া তাৰ ফল নিজে নিজে ভোগ কৰিব লাগিব ৷ পাকিস্তান সন্দৰ্ভত আন এক মন্তব্য উল্লেখ কৰি যদিহে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া বন্ধ নকৰে তেতিয়া পাকিস্তান অধ্যুষিত কাশ্মীৰ দখল কৰাত ভাৰতক কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰিব বুলি কয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

Intro:Body:

অনুচ্ছেদ 370 হৈছে সন্ত্ৰাসবাদৰ বাবে জগৰীয়াঃ ৰাজনাথ সিং

বিহাৰৰ পাটনা চহৰত আয়োজিত এখন সভাত উপস্থিত থাকে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে "জন জাগৰণ সভা"ত অংশগ্ৰহণ কৰি অনুচ্ছেদ 370ৰ লগতে সন্ত্ৰাসবাদ সম্পৰ্কত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ 

নিউজ ডেস্ক, 22 চেপ্তেম্বৰঃ পাকিস্তানক 65 আৰু 71ৰ ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ সকীয়নি প্ৰদান কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ৷ বিহাৰৰ ৰাজধানীত দেওবাৰে অনুষ্ঠিত হোৱা "জন জাগৰণ সভা"ত অংশগ্ৰহণ কৰি পাকিস্তানৰ সকীয়নি প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ 

নিজৰ ভাষণ প্ৰসংগত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰে ৷ অনুচ্ছেদ 370ৰ লগতে 35(A)ৰ বাবেই জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ সমস্যা সৃষ্টি হৈছিল ৷ ইয়াক খাৰিজ কৰাটো জম্মু-কাশ্মীৰৰ ৰাইজৰ বিৰুদ্ধে নহয়, ইয়াৰ অন্তৰালত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে জম্মু-কাশ্মীৰক আগন্তুক পাঁচ বছৰত পুনৰ পৃথিৱীৰ ভূ-স্বৰ্গ কৰি গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰিত কৰি লৈছিল বিজেপিয়ে ৷ পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাশ্মীৰ সমস্যা উত্থাপন কৰি তাৰ সমাধান বিচাৰিছে, কিন্তু এয়া পাকিস্তানৰ সমস্যা নহয়, এয়া ভাৰতৰ সমস্যা, ইয়াক লৈ পাকিস্তানে গুৰুত্ব নিদিয়াটোৱে ভাল ৷ অন্যথা বিশ্বৰ মানচিত্ৰৰ পৰা পাকিস্তান নিজে নিজে হেৰাই যাব ৷ পাকিস্তানে নিজৰ দেশত সংঘটিত হৈ থকা মানৱ অধিকাৰ উলংঘনৰ দৰে ঘটনাৰ ওপৰত অধিক গুৰুত্ব দিয়ক ৷ এইদৰে কয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ 

দেওবাৰে অনুষ্ঠিত হৈ যোৱা সভাত দেশৰ বহুকেইখন ৰাজ্যৰ পৰা মন্ত্ৰী, সাংসদ উপস্থিত থাকে ৷ বিহাৰৰ ৰাজধানীত অনুষ্ঠিত হোৱা সভাখনত পাকিস্তানৰ দুমুখীয়া নীতিক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ ভাৰত এক ৰাষ্ট্ৰত বিশ্বাসী শান্তিপ্ৰিয় দেশ, ইয়াৰ বিৰুদ্ধে ঠিয় হোৱা সকলো শক্তিকে মষিমুৰ কৰাৰ সক্ষমতা ভাৰতৰ আছে ৷ যদিহে কোনোৱে ইয়াৰ বিৰুদ্ধাচাৰণ কৰে তেতিয়া তাৰ ফল নিজে নিজে ভোগ কৰিব লাগিব ৷ পাকিস্তান সন্দৰ্ভত আন এক মন্তব্য উল্লেখ কৰি যদিহে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া বন্ধ নকৰে তেতিয়া পাকিস্তান অধ্যুষিত কাশ্মীৰ দখল কৰাত ভাৰতক কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰিব বুলি কয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.