নেশ্বনেল ডেস্ক, 17 চেপ্টেম্বৰ : গিলগিত বালিস্তানক এক পূৰ্ণাংগ প্ৰদেশৰ দৰ্জা দিয়াৰ কথা প্ৰকাশ কৰিছে পাকিস্তানে ৷ বৃহস্পতিবাৰে এক সংবাদমেলত এই কথা প্ৰকাশ কৰে ৷
উল্লেখ্য যে, বাৰতে পাকিস্থানক অতি স্পষ্টভাৱে জনাই দিছে যে,জম্মু-কাশ্মীৰ,লাডাখ সম্পূৰ্ণ কেন্দ্ৰীয় শাসিত প্ৰদেশ য’ত গিলগিত আৰু বালিস্তানো সংযুক্ত হৈ আছে ৷ এই অঞ্চল সমূহ দেশৰ অবিচ্ছেদ্য অংশ ৷
পাকিস্তান চৰকাৰ বা তাৰ ন্যায় বিভাগৰ দ্বাৰা অবৈধভাৱে আৰু জোৰ কৰি দখল কৰা অঞ্চলসমূহত তাৰ কোনো অৱস্থান নাই ৷ নতুন দিল্লীয়ে এই জাতীয় পদক্ষেপক সম্পূৰ্ণৰূপে প্ৰতাখ্যান কৰিছে ৷ ভাৰতৰ জম্মু কাশ্মীৰৰ ভূ খণ্ডত পাকিস্তান অধিকৃত অঞ্চলসমূহৰ বৈষয়িক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
ইয়াৰ পৰিৱৰ্তে ইছালামাদে অবিলম্বে তাৰ অবৈধ দখলত থকা সমগ্ৰ অঞ্চল খালি কৰা উচিত ৷ বৈদেশিক মন্ত্ৰালয়ে কয় যে,মে মাহত পাকিস্তান অধিকৃত অঞ্চলসমূহত বৈদেশিক পৰিৱৰ্তন অনাৰ বাবে পাকিস্তানে চলোৱা প্ৰচেষ্টাৰ প্ৰতিবাদ কৰা হৈছিল ৷
এক্সপ্ৰেছ ট্ৰিবিউনৰ এক প্ৰতিবেদন অনুসৰি বধুবাৰে কাশ্মীৰ আৰু গিলগিত-বালিস্তান বিষয়ক মন্ত্ৰী আলী আমিন গণ্ডাপুৰে কয় যে,প্ৰধানমন্ত্ৰী ইমৰান খানে শীঘ্ৰেই এই অঞ্চলটো পৰিদৰ্শন কৰিব আৰু গিলগিত-বালিস্তানক মৰ্যদাপূৰ্ণভাৱে উন্নীত কৰাৰ বাবে সম্পূৰ্ণ সাংবিধানিকভাৱে অধিকাৰ সহ আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ৷
গণ্ডাপুৰে কয় যে, গিলগিত-বালিস্তানক জাতীয় সংসদ আৰু চিনেটসহ সকলো সাংবিধানিক সংস্থাক পৰ্যাপ্ত প্ৰতিনিধি দিয়া হ'ব ৷
গণ্ডাপুৰে লগতে কয় যে,সমগ্ৰ অংশীদাৰিত্বৰ লগতে পৰামৰ্শৰ পিচত যুক্তৰাষ্ট্ৰীয় চৰকাৰে নীতিগত ভাৱে গিলগিত-বালিস্তানক সাংবিধানিক অধিকাৰ দিয়াৰ সিদ্ধান্ত লৈছে ৷ গণ্ডাপুৰ আৰু কয় যে,চীন,পাকিস্তান অৰ্থনৈতিক ক'ৰিডৰৰ অধীনত মকপোণ্ডাছ বিশেষ অৰ্থনৈতিক অঞ্চলৰ কাম কাজ আৰম্ভ হ'ব ৷
পাকিস্তানে বেলুচিস্তানৰ গাদ্দাৰ বন্দৰক চীনৰ জিনজিয়াং প্ৰদেশৰ লগত সংযুক্ত চিপি ইচি বেইজিংৰ উচ্চাভিলাষী বহু বিলিয়ন ডলাৰৰ বেল্ট আৰু ৰোডৰ প্ৰস্তাৱিত পথটোৰে নিৰ্মাণ হ'ব পাকিস্তান অধিকৃত কাশ্মীৰৰ মাজেৰে ৷