নিউজ ডেস্ক, ৭ মাৰ্চ : জইছ ই মহম্মদৰ ভাৰত আক্ৰমণৰ আঁৰত আছিল পাকিস্তানী চোৰাংচোৱা। পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে কৰিছে এই বিস্ফোৰক মন্তব্য।
পাকিস্তানৰ সাংবাদিক নদিম মালিকৰ সৈতে হৈছে হোৱা এক টেলিফোনিক বাৰ্তালাপত এই মন্তব্য কৰে পাৰভেজ মুশ্বাৰফে। মুশ্বাৰফৰ শাসনকালতোপাকিস্তানৰ চোৰাংচোৱাৰ সহায়ত ভাৰতত জইছ ই মহম্মদে কূটাঘাত সংঘটিত কৰা বুলি সাক্ষাৎকাৰত প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
পাকিস্তানত কূটাঘাত সংঘটিত কৰিবলৈ জইছ-ই-মহম্মদে পৰিকল্পনা কৰাৰ পাচতে দেশখনৰ চোৰাংচোৱাই সন্ত্ৰাসবাদী সংগঠনটোক ব্যৱহাৰ কৰিছিল ভাৰত বিৰোধী কাৰ্যকলাপত। ২০০৩ চনত ৰাষ্ট্ৰপতি গৰাকীকো হত্যাৰ পৰিকল্পনা ৰচিছিল জইছ-ই-মহম্মদে। কিন্তু ইমানৰপাচতো বিভিন্ন ৰাজনৈতিক হেঁচাৰ বাবে জইছ-ই-মহম্মদৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ সক্ষম হোৱা নাছিল বুলি মন্তব্য কৰে মুশ্বাৰফে।