ETV Bharat / bharat

পাকিস্তানে সদিচ্ছাৰ নামত মৰীচিকাৰ সৃষ্টি কৰি আছে - ২৯ জুনত ঐতিহাসিক কৰ্তাৰপুৰ কৰিডৰ মুকলি কৰাৰ প্ৰস্তাৱ

শনিবাৰে পাকিস্তানী বৈদেশিক মন্ত্ৰী শ্বাহ কুৰেশ্বীয়ে টুইট কৰি কয়- “যিহেতু সমগ্ৰ পৃথিৱীতে উপাসনাস্থলীসমূহ খোলা হৈছে, গতিকে পাকিস্তানেও সকলো শিখ তীৰ্থযাত্ৰীৰ বাবে ২৯ জুনত মহাৰাজা ৰঞ্জিত সিঙৰ মৃত্যু বাৰ্ষিকী উপলক্ষে কৰ্তাৰপুৰ চাহিব কৰিডৰ পুনৰ মুকলি কৰাৰ বাবে সাজু হৈছে ।” কিন্তু ভাৰতৰ মতে পাকিস্তানে সদিচ্ছাৰ এক ভুৱা ভাবমূৰ্তি সৃষ্টি কৰাৰ বাবেহে চেষ্টা চলাইছে ।

কৰ্তাৰপুৰ কৰিডৰ মুকলি কৰাৰ প্ৰস্তাৱ
পাকিস্তানে সদিচ্ছাৰ নামত মৰীচিকাৰ সৃষ্টি কৰি আছে
author img

By

Published : Jun 28, 2020, 8:13 AM IST

ভাৰতে কৰ’ণা মহামাৰীৰ সৈতে যুঁজ দি থকাৰ সময়ত কৰ্তাৰপুৰ কৰিডৰ পুনৰ মুকলি কৰাৰ বাবে সেউজ সংকেত প্ৰদান কৰাত স্পষ্টভাৱে অনিচ্ছা প্ৰকাশ কৰিছে । মহাৰাজা ৰঞ্জিত সিঙৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শিখ তীৰ্থযাত্ৰীসকলৰ বাবে ২৯ জুনত ঐতিহাসিক কৰিডৰটো মুকলি কৰাৰ বাবে পাকিস্তানে ইচ্ছা ব্যক্ত কৰাৰ পাছত ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰে ।

কৰ্তাৰপুৰ কৰিডৰ মুকলি কৰাৰ প্ৰস্তাৱ
পাকিস্তানে সদিচ্ছাৰ নামত মৰীচিকাৰ সৃষ্টি কৰি আছে

শনিবাৰে পাকিস্তানী বৈদেশিক মন্ত্ৰী শ্বাহ কুৰেশ্বীয়ে টুইট কৰি কয়- “যিহেতু সমগ্ৰ পৃথিৱীতে উপাসনাস্থলীসমূহ খোলা হৈছে, গতিকে পাকিস্তানেও সকলো শিখ তীৰ্থযাত্ৰীৰ বাবে ২৯ জুনত মহাৰাজা ৰঞ্জিত সিঙৰ মৃত্যু বাৰ্ষিকী উপলক্ষে কৰ্তাৰপুৰ চাহিব কৰিডৰ পুনৰ মুকলি কৰাৰ বাবে সাজু হৈছে ।” কিন্তু ভাৰতৰ মতে পাকিস্তানে সদিচ্ছাৰ এক ভুৱা ভাবমূৰ্তি সৃষ্টি কৰাৰ বাবেহে চেষ্টা চলাইছে ।

এগৰাকী ভাৰতীয় বিষয়াই এই সন্দৰ্ভত কয়- “মাত্ৰ দুই দিন সময়ৰ জাননীৰ ভিতৰত পাকিস্তানে ২৯ জুনত কৰ্তাৰপুৰ চাহিব পুনৰ মুকলি কৰাৰ বাবে প্ৰস্তাৱ দি সদিচ্ছাৰ এক মৰীচিকা সৃষ্টি কৰিব খুজিছে । দ্বিপাক্ষিক চুক্তি অনুসৰি ভাৰতে ভ্ৰমণ সম্পৰ্কীয় তথ্য পাকিস্তানক কমেও সাত দিন আগেয়ে জনাব লাগে । তাৰ বাবে ভাৰতে পঞ্জীয়ন প্ৰক্ৰিয়া আগতীয়াকৈ আৰম্ভ কৰিব লাগিব ।”

২০১৯ চনৰ ৯ নৱেম্বৰত উলহ-মালহেৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কৰ্তাৰপুৰ চাহিব কৰিডৰ উদ্বোধন কৰিছিল । ভাৰত আৰু বিশ্বৰ শিখ ভক্তসকলৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ কৰি কৰিডৰটো অৱশেষত বাবা গুৰু নানকৰ ৫০ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে মুকলি কৰি দিয়া হয় ।

COVID-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কৰিডৰটো এই বৰ্ষৰ ১৬ মাৰ্চত সাময়িকভাৱে বন্ধ কৰা হয় । কিন্তু কেইবামাহৰ লকডাউনৰ পাছত লাহে লাহে বিশ্বৰ উপাসনাস্থলীসমমূহ খোলা হৈছে । পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰৰ ভাষ্য এনেধৰণৰ—“স্বাস্থ্যসন্মত সতৰ্কতাসমূহ অৱলম্বন কৰাৰ উদ্দেশ্যে পাকিস্তানে ভাৰতক এছ অ’ পি প্ৰস্তুত কৰাৰ বাবে আহ্বান জনাইছে যাতে কৰিডৰটো পুনৰ মুকলি কৰিব পৰা যায় ।”

কিন্তু হাস্পতাল আৰু সকলো ধৰণৰ চিকিৎসাজনিত আন্তঃগাঁথখনি ভিৰ কৰি ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বাঢ়িবলৈ লৈছে । পাকিস্তানত বৰ্তমান সময়ত প্ৰতিদিনে ১৫০ জন কৰ’ণা আক্ৰান্ত লোকৰ মৃত্যু হয় । দেশখনত আক্ৰান্তৰ হাৰ বিশ্বৰ ভিতৰতে অন্যতম ।

পাকিস্তানৰ প্ৰস্তাৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰত চৰকাৰৰ সূত্ৰই এনেদৰে প্ৰকাশ কৰে — "কৰ’ণা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ আৰু ৰোধ কৰাৰ বাবে আন্তঃসীমান্ত যাতায়ত বন্ধ ৰখা হৈছে । স্বাস্থ্য মন্ত্ৰালয় আৰু আন সংশ্লিষ্ট পক্ষৰ লগত আলোচনা কৰি পৰৱৰ্তী পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।”

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতত থকা পাকিস্তানৰ দূতাবাসক সাত দিনৰ ভিতৰত কৰ্মচাৰীৰ সংখ্যা ৫০ শতাংশলৈ হ্ৰাস কৰাৰ বাবে চি ডি এ ছৈয়দ হায়দৰ শ্বাহ আলীক চমন কৰাৰ পাছতে পাকিস্তানে এই প্ৰস্তাৱ প্ৰেৰণ কৰে । ভাৰতেও নিজৰ দূতাবাসত অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে । দুয়োখন দেশৰ নিজা নিজা দূতাবাসে অপহৰণ, হেঁচা, হাৰাশাস্তি আদি সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত দেশ দুখনৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ লৈছে ।

ভাৰতীয় সূত্ৰৰ মন্তব্য এনেধৰণৰ—“দ্বিপাক্ষিক সম্পৰ্কৰ চুক্তিৰ প্ৰতি দায়বদ্ধ হোৱা সত্বেও পাকিস্তানে ৰবি নদীৰ ওপৰত দলং নিৰ্মাণ কৰা নাই । বাৰিষাৰ বাবে কৰিডৰেৰে তীৰ্থযাত্ৰীসকলে নিৰাপদে যাত্ৰা কৰিব পাৰিব নে নাই সেয়া বিশ্লেষণ কৰিব লাগিব ।”

প্ৰায় চাৰি কিল’মিটাৰ দৈঘ্যৰ ঐতিহাসিক কৰিডৰটোৱে কৰ্তাৰপুৰ চাহিবৰ সৈতে ভাৰতৰ ভূখণ্ডত থকা গুৰদাচপুৰৰ ডেৰা বাবা নানক দেৱৰ সৈতে সংযুক্ত কৰে । কাৰ্তাপুৰ চাহিবতে শিখসকলৰ প্ৰথমজন গুৰু গুৰু নানক দেৱে তেওঁৰ জীৱনৰ ১৮ বছৰ কাল কটাইছিল ।

-স্মিতা শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.