নেশ্যনেল ডেস্ক, 13 নবেম্বৰ : পাকিস্তানৰ আদালতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বন্ধু জাহাংগীৰ তাৰিণ আৰু পাকিস্তান মুছলিম লীগ-নাৱাজৰ সভাপতি শ্বাহবাজ শ্বৰিফৰ পৰিয়ালৰ বিৰুদ্ধে তদন্ত চলোৱাত বাধা আৰোপ কৰে ফেডাৰেল ইনভেষ্টিগেশ্যন এজেঞ্চী চমুকৈ এফআইএক ৷ 400 বিলিয়নৰ মূল্যৰ চেনী কেলেংকাৰীত নাম সাঙোৰ খাইছিল জাহাংগীৰ আৰু শ্বাহবাজ পৰিয়ালৰ ৷
পাকিস্তানৰ নিৰাপত্তা আৰু এক্সেঞ্জ আয়োগে তাৰিনৰ জেডিডব্লিউ চেনী মিল, ফাৰুকী পাল্প মিল আৰু শ্বাহবাজ পৰিয়ালৰ অল-আৰাবিয়া চেনীকলৰ বিৰুদ্ধে প্ৰক্ৰিয়াত্মক বিসংগতিৰ ভিত্তিত আৰু নিৰ্ধাৰিত অনুশীলৰ বাবে দাখিল কৰা গোচৰক অবৈধ ঘোষণা কৰিছে লাহোৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শ্বাহিদ কৰি আৰু ন্য়ায়াধীশ মাহমুদ শেঠীৰ খণ্ড বিচাৰপীঠে ৷ নিয়মানুযায়ী এছইচিপিয়ে পুনৰ কাম-কাজ আৰম্ভ কৰিব পাৰে বুলি বিচাৰপীঠে জানিবলৈ দিয়ে ৷ চেনী কেলেংকাৰী সন্দৰ্ভত এছইচিপি আৰু এফ আই এয়ে লোৱা বিভিন্ন পদক্ষেপৰ বিৰুদ্ধে লাহোৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তাৰিণ আৰু শ্বাহবাজ ৷
ন্যায়ালয়ে প্ৰত্যক্ষ কৰা মতে, এফ আই এয়ে চেনী মিলৰ মালিক আৰু কৰ্মচাৰীসকলক চেনী তদন্ত আয়োগৰ প্ৰতিবেদনৰ কোনো প্ৰসংগ উল্লেখ নকৰাকৈয়ে প্ৰশ্ন তুলি কল-আপ জাননী প্ৰদান কৰে ৷ মানি লণ্ডাৰিং আৰু ফাইনেঞ্চিয়েল ফ্ৰ’ডৰ বিষয়ে তদন্তকাৰী দলৰ তথ্যৰ ভিত্তিত গোচৰ দাখিল কৰে ৷ অভিযুক্তই কয় যে, তেওঁলোকৰ চেনী মিলত কৰ্পৰেট ফ্ৰ’ড সংঘটিত হোৱাৰ ভিত্তিহীন অভিযোগ তুলিছে তদন্ত আয়োগে ৷
লগতে পঢ়ক : মহানগৰীত ‘দুবৰি’ এপৰ বিপনী মুকলি অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ