ETV Bharat / bharat

LoCৰ ৰাজৌৰি জিলাত পাক সেনাৰ গোলাবৰ্ষণ

author img

By

Published : May 19, 2020, 4:25 PM IST

বিগত ১২ ঘন্টাৰ ভিতৰত পাক সেনাৰ দ্বাৰা দ্বিতীয় বাৰলৈ যুদ্ধ বিৰতি উলংঘন । ভাৰতেও দিয়ে প্ৰত্যুত্তৰ । কোনো হতাহতিৰ বাতৰি বৰ্তমানলৈ অহা নাই ।

পাক সেনাৰ গোলাবৰ্ষণ
পাক সেনাৰ গোলাবৰ্ষণ

নিউজ ডেস্ক, 19 মে': পাকিস্তানী সেনাই ৰাজৌৰি জিলাত থকা LoCত মঙলবাৰে গোলাবৰ্ষণ কৰে । ভাৰতীয় সেনাক লক্ষ্য় কৰি পাক সেনাই এই গোলাবৰ্ষণ কৰে বুলি জানিবলৈ দিয়ে ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই ।

বিগত ১২ ঘন্টাৰ ভিতৰত পাক সেনাৰ দ্বাৰা দ্বিতীয় বাৰলৈ যুদ্ধ বিৰতি উলংঘন হয় । ইয়াৰ পূৰ্বে পুঞ্চ জিলাৰ গোলপুৰ চেক্টৰতো পাক সেনাই মৰ্টাৰ আৰু লঘু অস্ত্ৰৰে গোলাবৰ্ষণ কৰিছিল ।

ৰাতিপুৱা প্ৰায় ৭.৩০ বজাত পাক সেনাৰ দ্বাৰা LoCস্থিত সুন্দৰবানী চেক্টৰত গোলাবৰ্ষণ কৰে বুলি জানিবলৈ দিয়ে ভাৰতীয় সেনাৰ মুখপাত্ৰ গৰাকীয়ে । লগতে ইয়াৰ প্ৰত্যুত্তৰত ভাৰতেও গোলাবৰ্ষণ কৰে বুলি মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে ।

পাকিস্তানৰ এই আক্ৰমণৰ ফলত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ বাতৰি বৰ্তমনালৈ অহা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.