ETV Bharat / bharat

নাগৰিকত্ব আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল - Over a dozen pleas filed in SC against C(A)A

উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডজনতকৈও অধিক আবেদন দাখিল কৰিছে বিভিন্ন পক্ষই ৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে নাগৰিকত্ব সংশোধনী বিধেয়কত হস্তাক্ষৰ কৰাৰ পাচতে বিধেয়কখন আইনত পৰিণত হয় ৷

নাগৰিকত্ব আইনৰ বিৰুদ্ধে আবেদন
উচ্চতম ন্যায়ালয়
author img

By

Published : Dec 13, 2019, 11:42 PM IST

নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ : শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক ডজনকৈও অধিক আবেদন দাখিল কৰা হৈছে উচ্চতম ন্যায়ালয়ত ৷ এই আবেদনকাৰীসকলৰ ভিতৰত আছে কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশ, তৃণমূল কংগ্ৰেছ সাংসদ মহুৱা মৈত্ৰ, আছু আৰু বহুসংখ্যক আবেদনকাৰী ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে নাগৰিকত্ব সংশোধনী বিধেয়কত হস্তাক্ষৰ কৰাৰ পাচতে বিধেয়কখন আইনত পৰিণত হয় ৷

আবেদনকাৰীসকলৰ ভিতৰত অন্যতম হৈছে শান্তি পাৰ্টী, 'ৰিহাই মঞ্চ' আৰু 'হিংসাৰ বিৰুদ্ধে জনগণ'ৰ দৰে বেচৰকাৰী সংস্থা, অধিবক্তা এম. এল. শৰ্মা আৰু আইনৰ ছাত্ৰ ৷ এই আবেদনকাৰীসকলে জানিবলৈ দিয়া অনুসৰি, ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা এই আইনখন বৈষম্যমূলক ৷

আনহাতে, আছুয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত উল্লেখ কৰে যে, বহু দশক ধৰি অসমত বিদেশী প্ৰৱজনকাৰীয়ে অনুপ্ৰৱেশ কৰি আহিছে ৷ কেন্দ্ৰীয় চৰকাৰে অবৈধ প্ৰৱজনকাৰীক ৰোধ কৰাৰ পৰিৱৰ্তে খিলঞ্জীয়া লোকসকলৰ অধিকাৰ খৰ্ব কৰিবৰ বাবে এই আইন গৃহীত কৰিছে ৷ আছুয়ে দাবী কৰে যে, ৰাষ্ট্ৰসংঘই ঘোষণা কৰা খিলঞ্জীয়া লোকৰ অধিকাৰক এই আইনে উলংঘা কৰিছে ৷

আনহাতে, ভাৰতীয় কেন্দ্ৰীয় মুছলিম লীগ (IUML) য়ে দাবী কৰে যে, বুধবাৰে সংসদত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী আইনখনে সংবিধানৰ 14 নং দফাক উলংঘা কৰিছে ৷

আৰু পঢ়ক : অসম আৰক্ষীৰ ৰদ-বদল

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.