ETV Bharat / bharat

বিশ্ববিদ্যালয়সমূহে পৰীক্ষা অনুষ্ঠিত কৰাৰ স্থিতি সন্দৰ্ভত UGCক জনালে সবিশেষ

শুকুৰবাৰে দেশৰ সৰ্বমুঠ ৭৫৫খন বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগ(UGC)ক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা স্থিতি সন্দৰ্ভত সবিশেষ অৱগত কৰে । আয়োগে জানিবলৈ দিয়া মতে, ৫৬৬খন বিশ্ববিদ্যালৰ একাংশই ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত কৰা আৰু একাংশই আগষ্ট-চেপ্তেম্বৰত অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰিছে । সেই সমূহ বিশ্ববিদ্যালয়ৰ ১৯৪খনৰ ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হৈ গৈছে আৰু ৩৬৬খনে আগষ্ট-চেপ্তেম্বৰত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ।

author img

By

Published : Jul 18, 2020, 6:37 PM IST

Over 700 universities inform UGC about status of conducting exams
বিশ্ববিদ্যালয়সমূহে পৰীক্ষা অনুষ্ঠিত কৰাৰ স্থিতি সন্দৰ্ভত UGCক জনালে সবিশেষ

নিউজ ডেস্ক,১৮ জুলাই: শুকুৰবাৰে দেশৰ সৰ্বমুঠ ৭৫৫খন বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগ(UGC)ক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা স্থিতি সন্দৰ্ভত সবিশেষ অৱগত কৰে । যোৱা ৬ জুলাইত বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ বিশ্ববিদ্যালয় সমূহক টাৰ্মিনেল চেমিষ্টাৰ আৰু চুড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে এক সংশোধিত নিৰ্দেশনা জাৰি কৰিছিল ।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ অন্তৰ্গত এই শৈক্ষিক প্ৰতিষ্ঠান সমূহৰ ভিতৰত ৩২১খন ৰাজ্যিক বিশ্ববিদ্যালয়, ২৭৪খন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়, ১২০খন ডিমড আৰু ৪০খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে । বিশ্ববিদ্যালয় অনুদান আয়োগে জানিবলৈ দিয়া মতে ৫৬৬খন বিশ্ববিদ্যালৰ একাংশই ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত কৰা আৰু একাংশই আগষ্ট-চেপ্তেম্বৰত অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰিছে । সেই সমূহ বিশ্ববিদ্যালয়ৰ ১৯৪খনৰ ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হৈ গৈছে আৰু ৩৬৬খনে আগষ্ট-চেপ্তেম্বৰত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ।

বিশ্ববিদ্যালয় অনুদান আয়োগে অৱগত কৰা মতে,ইয়াত নিজৰ স্থিতি অৱগত কৰা ২৭খন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ও আছে । ইয়াৰে একাংশই তেওঁলোকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকল পৰীক্ষাৰ বাবে প্ৰস্তুত নোহোৱা বুলি আয়োগক অৱগত কৰিছিল ।

উল্লেখ্য যে,মহামাৰী ক'ৰণাৰ আতংক আৰু ল'ক ডাউনৰ বাবে সমগ্ৰ দেশতেই বহুকেইটা মাহ ধৰি সকলো শৈক্ষিক অনুষ্ঠিত বন্ধ হৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.