ETV Bharat / bharat

COVID-19ক পৰাস্ত কৰি অসমৰ প্ৰায় 40 আৰক্ষীৰ প্লাজমা দান - স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

চৰকাৰী বিবৃতি অনুসৰি, অসম আৰক্ষীৰ 67 জন জোৱানে COVID-19 ৰ চিকিৎসাৰ বাবে প্লাজমা দান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল যদিও ইয়াৰে 43 জনৰ প্লাজমা লোৱা হয় ৷

গুৱাহাটীৰ মেডিকেল কলেজ আৰু হাস্পতালত প্লাজমা দান
COVID-19ক পৰাস্ত কৰি অসমৰ প্ৰায় 40 আৰক্ষীৰ প্লাজমা দান
author img

By

Published : Aug 2, 2020, 1:19 PM IST

নেশ্যনেল ডেস্ক, 2 আগষ্ট : ৰাজ্যিক স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত অসম আৰক্ষীয়ে গুৱাহাটীৰ মেডিকেল কলেজ আৰু হাস্পতালত শনিবাৰে এক প্লাজমা দান শিবিৰৰ আয়োজন কৰে ৷ 43 জন অসম আৰক্ষীৰ জোৱানে COVID-19 ৰ পৰা আৰোগ্য লাভ কৰি শিবিৰত প্লাজমা দান কৰে ৷

চৰকাৰী বিবৃতি অনুসৰি, অসম আৰক্ষীৰ 67 জন জোৱানে COVID-19 ৰ চিকিৎসাৰ বাবে প্লাজমা দান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল যদিও ইয়াৰে 43 জনৰ প্লাজমা লোৱা হয় ৷

প্লাজমা প্ৰদান কৰা সকলো আৰক্ষী জোৱানকে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, হৰমিত সিং, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰে ৷

COVID-19ক পৰাস্ত কৰি অসমৰ প্ৰায় 40 আৰক্ষীৰ প্লাজমা দান

এই অনুষ্ঠানতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসম আৰক্ষীয়ে প্ৰথম অৱস্থাৰ পৰাই COVID ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে ৷

তেওঁ লগতে কয়, "অসম আৰক্ষীয়ে অন্য লোকৰ প্ৰাণ ৰক্ষাৰ বাবে প্লাজমা দান কৰিবলৈ আগবাঢ়ি আহিছে ৷ তেওঁলোকৰ এই অৱদান সোণালী আখৰেৰে লিখি ৰখা হ'ব ৷ লক ডাউনৰ সময়ছোৱাতো অসম আৰক্ষীয়ে আৰ্তজনক চিকিৎসা সামগ্ৰী প্ৰদান কৰাৰ লগতে অকলশৰে বাস কৰা বয়োজ্যেষ্ঠ নাগৰিকৰো ধ্যান ৰাখিছিল ৷"

ভাস্কৰ জ্যোতি মহন্তই কয়, "আৰক্ষী জোৱানসকলৰ এই মহান কামৰ ফলত চিকিৎসাধীন জোৱানসকলেই নহয় ৰাজ্যৰ সাধাৰণ লোকসকলেও উৎসাহিত হ'ব ৷"

লগতে পঢ়ক : অসমীয়া চহা সমাজৰ নাঙল ধোৱা পৰ্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.