নিউজ ডেস্ক,1 এপ্ৰিলঃ ৰাজধানী দিল্লীত লক ডাউনৰ নিয়ম উলংঘা কৰাৰ বিৰুদ্ধে দিল্লী পুলিচে মঙলবাৰে 239টা গোচৰ ৰুজু কৰিছে ৷ দিল্লী পুলিচে মন্তব্য কৰা অনুসৰি আই পি চি ধাৰাৰ 188 আৰু দিল্লী অধিনিয়মৰ ধাৰা 65 আৰু 66 অনুসৰি এই সমূহ গোচৰ ৰুজু কৰা হৈছে ৷
প্ৰশাসনিক সূত্ৰৰ দ্বাৰা জানিব পৰা মতে, এতিয়ালৈকে মুঠ 3763 গৰাকীক আটক কৰাৰ বিপৰীতে 546 খন বাহন জব্দ কৰা হৈছে ৷ ইয়াৰ লগতে ইয়াৰ লগতে, মুঠ 1254টা পাচ দিল্লী আৰক্ষী বিষয়াই জৰুৰীকালিন সেৱাত ব্ৰতী লোকৰ বাবে মুকলি কৰিছে ৷
লগতে পঢ়কঃ৮ মহীয়া অন্তঃসত্ত্বা মহলাই ২০০ কিল'মিটাৰ খোজকাঢ়ি উপস্থিত হ'লগৈ নিজ গৃহলৈ