ETV Bharat / bharat

দিল্লীত কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ ৭২ শতাংশলৈ বৃদ্ধি - কোভিড-19

কোভিড-১৯ মহামাৰীৰ ফলত দেশত প্ৰতি ১ মিলিয়ন লোকৰ ভিতৰত ১৫ গৰাকী লোক মৃত্যু মুখত পৰাৰ বিপৰীতে প্ৰতি এক মিলিয়ন লোকৰ ভিতৰত ৫৩৮ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। এই হিচাপ অনুসৰি ভাৰতৰ তুলনাত অন্য ৰাষ্ট্ৰসমূহত ১৬-১৭ গুণ অধিক কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা।

COVID-19 test
Over 20,000 COVID-19 tests done daily in Delhi, city has 72 pc recovery rate, doubling rate of 30 days, says MHA
author img

By

Published : Jul 9, 2020, 9:28 PM IST

নিউজ ডেস্ক, ৯ জুলাইঃ ৰাজধানী দিল্লীত বুধবাৰলৈকে প্ৰতি ১০ লাখ লোকৰ ভিতৰত ৩৫,৭৮০ গৰাকীকৈ লোকৰ কোভিড-১৯ৰ পৰীক্ষা কৰা হৈছে । যাৰ ফলত ৰাজধানী চহৰখনত ৭২ শতাংশলৈ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছ মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে এই কথা উল্লেখ কৰাৰ লগতে বিগত ৩০ দিনত এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ দুগুণ হৈছে বুলি প্ৰকাশ কৰে।

৮ জুলাইলৈকে দিল্লীত মুঠ ৬,৭৯,৮৩১ গৰাকী লোকৰ কোভিড-১৯ পৰীক্ষা কৰা হৈছে। প্ৰতিদিনে প্ৰায় ২০,০০০ লোকৰ এই পৰীক্ষা কৰা হয় । আজি এক সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব পুণ্য চালিলা শ্ৰীবাস্তৱে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিবগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ৰাজধানী দিল্লীত সম্প্ৰতি ২৩,৪৫২ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে । চহৰখনত এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে কেইবাখনো উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় গৃহ বিভাগে । পৰ্যালোচনা বৈঠকত কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল বুলি প্ৰকাশ কৰে পুণ্য চালিলা শ্ৰীবাস্তৱে।

তদুপৰি, দেশত আনল'ক ২ ঘোষণা কৰাৰ পাছত কোভিড-১৯ৰ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশাৱলী অনুসৰি দিল্লীত কাম-কাজ অব্যাহত আছে । কেৱল কোণ্টেইনমেণ্ট জ'নসমূহত কঠোৰভাৱে লকডাউন অব্যাহত ৰখা হৈছে বুলিও উল্লেখ কৰে গৃহ মন্ত্ৰণালয়ৰ যুতীয়া সচিবগৰাকীয়ে।

আনহাতে, ভাৰতত ১.৩ বিলিয়ন জনসংখ্যাৰ হিচাপত বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহৰ তুলনাত ভাৰতৰ পৰিস্থিতি বহুত উন্নত । দেশে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সঠিক অৱস্থাত আছে বুলি স্বাস্থ্য মন্ত্ৰণালয়ৰ বিষয়া ( Officer on Special Duty) ৰাজেশ ভূষণে প্ৰকাশ কৰে ।

কোভিড-১৯ মহামাৰীৰ ফলত দেশত প্ৰতি ১ মিলিয়ন লোকৰ ভিতৰত ১৫ গৰাকী লোক মৃত্যু মুখত পৰাৰ বিপৰীতে প্ৰতি এক মিলিয়ন লোকৰ ভিতৰত ৫৩৮ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে । এই হিচাপ অনুসৰি ভাৰতৰ তুলনাত অন্য ৰাষ্ট্ৰসমূহত ১৬-১৭ গুণ অধিক কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা । সংবাদ মেলযোগে এই তথ্য প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰণালয়ৰ বিষয়া ৰাজেশ ভূষণে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.