ETV Bharat / bharat

লক্ ডাউন : চৰকাৰৰ অজ্ঞাতে মিজোৰামলৈ আগমণ ১৫৪ গৰাকী লোকৰ

author img

By

Published : May 7, 2020, 3:28 PM IST

লক্ ডাউনৰ মাজতেই ১৫০ তকৈ অধিক লোকৰ মিজোৰামলৈ আগমন । গুৰুত্বপূৰ্ণ কথা এইযে চৰকাৰক কোনো তথ্য নিদিয়াকৈয়ে এই সকলৰ মিজোৰামলৈ প্ৰত্যাৱৰ্তন । ৰাজ্যৰ বিভিন্ন জিলাত কোৱাৰেণ্টাইনৰ ব্যৱস্থা মিজোৰাম চৰকাৰৰ । আনফালে বিহিত ব্য়ৱস্থা গ্ৰহণৰ দাবী বিৰোধীৰ ।

Over 150 Mizoram people return without informing govt, quarantined: Official
Over 150 Mizoram people return without informing govt, quarantined: OfficialOver 150 Mizoram people return without informing govt, quarantined: Official

মিজোৰাম, ৭ মে': লক্ ডাউনৰ মাজতেই ১৫৪ গৰাকী লোকক মিজোৰামত কোৱাৰেণ্টাইন । গুৰুত্বপূৰ্ণ কথা এই যে, মিজোৰাম চৰকাৰক একো তথ্য প্ৰদান নকৰাকৈয়ে মিজোৰামলৈ প্ৰত্যাৱৰ্তন এই সকল লোকৰ । অসম, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ পৰা এই লোকসকল অহা বুলি ৰাজ্যখনৰ গৃহবিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে ।

এই সন্দৰ্ভত গৃহ সচিবে কয় যে, প্ৰায় ১৫৪ গৰাকী লোক উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা মিজোৰামলৈ প্ৰত্যাৱৰ্তন কৰিছে । সকলোকে বিভিন্ন জিলা সমূহত কোৱাৰেণ্টাইন কৰা হৈছে ।

লক্ ডাউন ঘোষণা হোৱাৰ পাচতেই বিভিন্ন স্থানত আৱদ্ধ হৈ পৰিছিল এই সকল লোক । মিজোৰাম চৰকাৰে ৩০ এপ্ৰিলৰ পৰা ২ মে' পৰ্যন্ত বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় ৭০০ গৰাকী মিজোৰামৰ লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । কিন্তু ১৫৪ গৰাকী লোকৰ এনে আকস্মিক আগমনে চিন্তিত কৰি তুলিছে বিভিন্ন মহলক ।

ৰাজ্যখনৰ প্ৰধান বিৰোধী দল জোৰাম পিপুলছ মুভমেণ্টে বাহিৰৰ পৰা বিনা অনুমতিয়ে ঘূৰি অহা এই সকল লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.