নেচনেল ডেস্ক, 18 ডিচেম্বৰ: এটি আঢ়ৈ বছৰীয়া শিশুৰ অংগদানেৰে পাঁচ গৰাকী লোকে পৃথকে এক নতুন জীৱন লাভ কৰিছে ৷ গুজৰাটৰ আঢ়ৈ বছৰীয়া শিশুটিৰ হৃদপিণ্ড, হাঁওফাঁও, বৃক্ক ,যকৃত আৰু চকু লাভ কৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ দুটি শিশুকে ধৰি মুঠ পাঁচ গৰাকী লোকে এক নতুন জীৱন লাভ কৰিছে ৷ এক দুৰ্ঘটনাত পতিত হোৱাৰ পাছত শিশুটিৰ ব্ৰেইন ডেড হোৱা বুলি চিকিৎসকে ঘোষণা কৰাৰ পাছতেই শিশুটিৰ পিতৃ মাতৃৰ সন্মতি মৰ্মে শিশুটিৰ অংগসমূহ পৃথকে পৃথকে পাঁচটি অন্য শিশুৰ শৰীৰত সংৰোপন কৰা হৈছে ৷

সমগ্ৰ অংগ সংৰোপনৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়া এক বেচৰকাৰী সংস্থাই জানিবলৈ দিয়ে যে জশ সঞ্জীৱ ওজা নামৰ শিশুটি খেলি থকাৰ সময়ত ঘৰৰ দ্বিতীয় মহলাৰ পৰা পৰি আঘাতপ্ৰাপ্ত হোৱাৰ কিছুদিন পাছত চিকিৎসকে শিশুটিক ব্ৰেইন ডেড ঘোষণা কৰে ৷ সেয়ে পৰিয়ালৰ সন্মতিমৰ্মে শিশুটিৰ হৃদপিণ্ড, হাঁওফাঁও, বৃক্ক ,যকৃত আৰু চকু পৃথকে অন্য পাঁচ গৰাকী লোকৰ শৰীৰত সংৰোপন কৰা হয় ৷
বেচৰকাৰী সংস্থাটো পেচাত এগৰাকী সংবাদকৰ্মী শিশুটিৰ পিতৃ সঞ্জীৱ ওজাৰ কাষ চপাত ওজাই শিশুটিৰ অংগ দান কৰাৰ সিদ্ধান্ত লয় ৷ সংস্থাটোৱে জানিবলৈ দিয়া মতে মঙলবাৰে শিশুটিৰ অংগদানৰ সমগ্ৰ প্ৰক্ৰিয়া সফলভাৱে সমাপন হয় ৷
জশৰ হৃদপিণ্ড ৰাছিয়াৰ এটি চাৰি বছৰীয়া শিশুৰ শৰীৰত সংৰোপন কৰা হয় আৰু ইউক্ৰেইনৰ এজন শিশুৰ শৰীৰত জশৰ হাঁওফাঁও সংৰোপন কৰা হয় ৷ শিশুটিৰ বৃক্ক দুটা আহমেদাবাদৰ 14 আৰু 17 বছৰীয়া দুজনী ছোৱালীৰ শৰীৰত সংৰোপন কৰা হয় , যকৃত ভৱনগৰ দুবছৰীয়া এটি শিশুৰ শৰীৰত সংৰোপন কৰাৰ পৰিৱৰ্তে জশৰ চকুহালি লোক দৃষ্টি চক্ষু বেংকত দান কৰা হয় ৷