ETV Bharat / bharat

COVID-১৯ বিৰুদ্ধে যুঁজা কৰ্মচাৰীক বিশেষ ভাট্টা দিয়াৰ আহ্বান

author img

By

Published : Apr 13, 2020, 11:41 AM IST

দেওবাৰে পত্ৰ যোগে দুই বিৰোধী পক্ষই দিল্লী চৰকাৰক COVID-১৯ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া কৰ্মচাৰীক বিশেষ ভাট্টা দিয়াৰ পৰামৰ্শ দিয়ে ।

Oppositions ask Delhi govt to enhance special allowance of staff fighting COVID-19

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ দেশত এতিয়া লক্ ডাউন । লক্ ডাউনৰ মাজতেই দিল্লীৰ মুখ্যমন্ত্ৰীক দেওবাৰে দুই বিৰোধী পক্ষ কংগ্ৰেছ আৰু বিজেপিৰ বিশেষ পৰামৰ্শ । COVID-১৯ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া কৰ্মচাৰীক বিশেষ ভাট্টা দিয়াৰ কথা উল্লেখ কৰে কংগ্ৰেছ আৰু বিজেপিৰ নেতাই ।

দিল্লীৰ কংগ্ৰেছৰ সভাপতি অনিল কুমাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ লিখা পত্ৰখনত দিল্লীত সন্মুখীন হৈ থকা বিষয় সমূহ দৃষ্টি গোচৰ কৰি চিকিৎসক, নাৰ্ছ, পেৰামিডেকল ষ্টাফ, চেনিটাইজেশ্বন কৰ্মচাৰী, পুলিছ বিষয়া, অন্যান্য কৰ্মচাৰীক বিশেষ জৰুৰীকালিন ভাট্টা দিয়াৰ পৰামৰ্শ দিয়ে ।

আনহাতে বিজেপিৰ বিধায়ক ৰামবিৰ সিং বিধুৰীৰ পত্ৰত সংকটৰ সময়ত নিয়োজিত হৈ থকা চৰকাৰী কৰ্মচাৰী সকলৰ বাবে ১ কোটি টকা ঘোষণা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে ।

ইয়াৰ লগতে বিধুৰীয়ে দিল্লী চৰকাৰে পূৰ্বতে ঘোষণা কৰা ১ কোটি টকা চিকিৎসক, নাৰ্ছ, অন্যান্য মেডিকেল ষ্টাফৰ লোক কৰ্মৰত অৱস্থাত মৃত্যু হ'লে ক্ষতিপূৰণ দিয়া সিদ্ধান্তক আদৰণি জনায় ।

COVID-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ সকলো কৰ্মচাৰী, বিষয়ববীয়াই দিনে-নিশাই একাকাৰ কৰি অহৰহ চেষ্টা চলাই গৈছে । দিল্লীৰ জল বৰ্ড, শক্তি বিভাগ, পৰিবহণ বিভাগ, খাদ্য যোগান বিভাগ, আৰক্ষী, ট্ৰেফিক পুলিছ, হ'ম গাৰ্ড, চাফাই কৰ্মীয়ে দিল্লীৰ নাগৰিকক সুৰক্ষিত কৰিবলৈ দিনে-নিশাই কাম কৰি গৈছে । গতিকে তেওঁলোকক ১ কোটি টকা ক্ষতিপূৰণ দিয়াটো যুক্তিপূৰ্ণ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.