ETV Bharat / bharat

ৰাহুল গান্ধীৰ নেতৃত্বত জম্মু-কাশ্মীৰলৈ বিৰোধী নেতৃত্ব

শনিবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণলৈ যাব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধী দলৰ এটা প্ৰতিনিধি দলে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব ৷

author img

By

Published : Aug 24, 2019, 8:42 AM IST

ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধীৰ জম্মু-কাশ্মীৰ ভ্ৰমণ

নিউজ ডেস্ক, 24 আগষ্টঃ কংগ্ৰেছী নেতা ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধী দলৰ এটা প্ৰতিনিধি দলে শনিবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব ৷ ৰাহুল গান্ধীকে ধৰি প্ৰতিনিধি দলটোত থাকিব চিপিআই-এমৰ সীতাৰাম য়েচুৰী,চিপিআইৰ ডি ৰাজা,ডিএমকেৰ তিৰুচি শিৱা,আৰ জেডিৰ মনোজ ঝা আৰু টিএমচিৰ দীনেশ ত্ৰিবেদী ৷

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ আৰু বিশেষ ৰাজ্যৰ মৰ্যাদা উঠাই লোৱাৰ পিচত বিৰোধীৰ নেতৃত্বত এইদৰে শনিবাৰে প্ৰথমটো ৰাজনৈতিক প্ৰতিনিধি দল জম্ম-কাশ্মীৰ ভ্ৰমণলৈ যাব ৷ কংগ্ৰেছ,চিপিআইএম,চিপিআই,আৰজেডি,এনচিপি,টিএমচি আৰু ডিএমকে দলৰ জ্যেষ্ঠ নেতাসকলৰ প্ৰতিনিধি দলটোৱে সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতিৰ বুজ ল'ব ৷ দলটোত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদ,আৰু আনন্দ শৰ্মাকে ধৰি ৰাহুল গান্ধী থাকিব ৷ শনিবাৰে দুপৰীয়াৰ ভাগত নতুন দিল্লী বিমানবন্দৰৰ পৰা শ্ৰীনগৰ বিমানবন্দৰলৈ বুলি উৰা মাৰিব প্ৰতিনিধি দলটো ৷

শুকুৰবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ সভাত এইদৰে দলটোৰ নেতৃত্বত বিৰোধী দলৰ প্ৰতিনিধি দলৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ দলটোৱে শ্ৰীনগৰ ভ্ৰমণ কৰাৰ লগতে অনুমতি প্ৰদান কৰিলে অন্যান্য ঠাইসমূহো ভ্ৰমণ কৰিব ৷ অৱশ্যে অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ পিচত স্থানীয় প্ৰশাসনে কোনো ৰাজনৈতিক নেতাকে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই ৷ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুলা,ওমৰ আব্দুলা আৰু মেহবুবা মুফটিকে ধৰি অন্যান্য ৰাজনৈতিক নেতাসকলক গৃহবন্দী কৰি ৰখা হৈছে ৷ অঞ্চলটোৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ ৰাহুল গান্ধীক জম্মু-কাশ্মীৰ ভ্ৰমণলৈ আহিবলৈ কৈছিল ৰাজ্যপাল সত্যপাল মালিকে ৷

Intro:Body:

বিৰোধীৰ সম্ভাব্য জম্মু-কাশ্মীৰ ভ্ৰমণঃ ৰাহুল গান্ধী অন্যতম 

শনিবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণলৈ যাব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধী দলৰ এটা প্ৰতিনিধি দলে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব ৷ 

নিউজ ডেস্ক, 24 আগষ্টঃ কংগ্ৰেছী নেতা ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধী দলৰ এটা প্ৰতিনিধি দলে শনিবাৰে জম্ম-কাশ্মীৰ ভ্ৰমণ কৰিব ৷ ৰাহুল গান্ধীকে ধৰি প্ৰতিনিধি দলটোত থাকিব চিপিআই-এমৰ সীতাৰাম য়েচুৰী, চিপিআইৰ ডি ৰাজা, ডিএমকেৰ তিৰুচি শিৱা, আৰজেডিৰ মনোজ ঝা আৰু টিএমচিৰ দীনেশ ত্ৰিবেদী ৷ 

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ আৰু বিশেষ ৰাজ্যৰ মৰ্যাদা উঠাই লোৱাৰ পিচত বিৰোধীৰ নেতৃত্বত এইদৰে শনিবাৰে প্ৰথমটো ৰাজনৈতিক প্ৰতিনিধি দল জম্ম-কাশ্মীৰ ভ্ৰমণলৈ যাব ৷ কংগ্ৰেছ, চিপিআইএম, চিপিআই, আৰজেডি, এনচিপি, টিএমচি আৰু ডিএমকে দলৰ জ্যেষ্ঠ নেতাসকলৰ প্ৰতিনিধি দলটোৱে সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতিৰ বুজ ল'ব ৷ দলটোত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদ, আৰু আনন্দ শৰ্মাকে ধৰি ৰাহুল গান্ধী থাকিব ৷ শনিবাৰে দুপৰীয়াৰ ভাগত নতুন দিল্লী বিমানবন্দৰৰ পৰা শ্ৰীনগৰ বিমানবন্দৰলৈ বুলি উৰা মাৰিব প্ৰতিনিধি দলটো ৷  

শুকুৰবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ সভাত এইদৰে দলটোৰ নেতৃত্বত বিৰোধী দলৰ প্ৰতিনিধি দলৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ দলটোৱে শ্ৰীনগৰ ভ্ৰমণ কৰাৰ লগতে অনুমতি প্ৰদান কৰিলে অন্যান্য ঠাইসমূহো ভ্ৰমণ কৰিব ৷ অৱশ্যে অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ পিচত স্থানীয় প্ৰশাসনে কোনো ৰাজনৈতিক নেতাকে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিব দিয়া নাই ৷ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুলা, ওমৰ আব্দুলা আৰু মেহবুবা মুফটিকে ধৰি অন্যান্য ৰাজনৈতিক নেতাসকলক গৃহবন্দী কৰি ৰখা হৈছে ৷ অঞ্চলটোৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ ৰাহুল গান্ধীক জম্মু-কাশ্মীৰ ভ্ৰমণলৈ আহিবলৈ কৈছিল ৰাজ্যপাল সত্যপাল মালিকে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.