ETV Bharat / bharat

সেউজ আতচবাজী বিক্ৰীৰ অনুমতি দিলে অন্ধ্ৰ প্ৰদেশ চৰকাৰে

author img

By

Published : Nov 11, 2020, 3:39 PM IST

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশ অনুসৰি, অন্ধ্ৰ প্ৰদেশ চৰকাৰে কেৱল সেউজ আতচবাজী বিক্ৰীৰ বাবেহে অনুমতি প্ৰদান কৰিছে। দীপাৱলীৰ নিশা ৮ বজাৰ পৰা ১০ বজালৈকে ফটকাৰ ব্য়ৱহাৰত নিশেধাজ্ঞা জাৰি কৰা হৈছে।

সেউজ আতচবাজী বিক্ৰীৰ অনুমতি দিলে অন্ধ্ৰ প্ৰদেশ চৰকাৰে
সেউজ আতচবাজী বিক্ৰীৰ অনুমতি দিলে অন্ধ্ৰ প্ৰদেশ চৰকাৰে

নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: বায়ু প্ৰদূষণে প্ৰভাৱিত কৰি থকাৰ সময়তে দীপাৱলীত ফটকাৰ ফুটুৱাক লৈ অন্ধ্ৰ প্ৰদেশ চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে। কেৱল সেউজ আতচবাজী বিক্ৰীৰ বাবেহে অনুমতি প্ৰদান কৰিছে চৰকাৰে। ইয়াৰ উপৰিও ৰাজ্যখনত দীপাৱলীৰ নিশা ৮ বজাৰ পৰা ১০ বজালৈকে আতচবাজীৰ ব্য়ৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰিছে যে, 'দীপাৱলীত মাত্ৰ সেউজ আতচবাজীহে বিক্ৰী আৰু ব্যৱহাৰ কৰিব পাৰিব। ফটকা ফুটুৱাৰ ক্ষেত্ৰত ২ ঘণ্টাৰ বাবে বাধা আৰোপ কৰা হৈছে।'

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে অন্ধ্ৰ প্ৰদেশ চৰকাৰে এই নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব নীলম চাহানীয়ে স্বাক্ষৰ কৰা এই নিৰ্দেশনাৱলী ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰিছে। COVID-19 মহামাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকা মাজতে দীপাৱলী উদযাপনৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। অন্ধ্ৰ প্ৰদেশ চৰকাৰে ক্ৰেতা আৰু বিক্ৰেতা উভয়কে এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে।

ফটকা বিক্ৰী কৰা বিপণীসমূহৰ মাজত ১০ ফুটৰ দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে গ্ৰাহকসকলকো ৬ ফুট দূৰত্ব বৰ্তাই ৰাখিবলৈ চৰকাৰে অনুৰোধ জনাইছে। আনহাতে ফটকা ফুটুৱাৰ সময়ত চেনিটাইজাৰ ব্যৱহাৰৰ পৰিৱৰ্তে চাবোন ব্য়ৱহাৰ কৰিবলৈও ৰাইজক পৰামৰ্শ দিছে অন্ধ্ৰ প্ৰদেশ চৰকাৰে।

লগতে পঢ়ক:বিহাৰৰ বিধানসভাৰ নিৰ্বাচনত NDA য়ে লাভ কৰিলে একক সংখ্যাগৰিষ্ঠতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.