কামৰূপ, 27 জুন: অম্বুবাচীত অংশ ল'বলৈ আহি মৃত্যু মুখত পৰিল পশ্চিমবংগৰ এগৰাকী লোক ৷ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা ইছলামপুৰত কামাখ্যা-যোগীঘোপা সংযোগী ৰেলপথত সংঘটিত হয় এই দুৰ্ঘটনা ৷ পশ্চিম বংগৰ পৰা কামাখ্যা দৰ্শনৰ উদ্দেশ্যে আহিছিল লোকজন । লোকজন পশ্চিম বংগৰ দীনেশপুৰ, ৰায়গঞ্জৰ হাৰাঠন অধিকাৰী বুলি চিনাক্ত কৰে ৰেল আৰক্ষীয়ে । ১৯৫৬১৯ নম্বৰৰ গয়া কাম্যাখ্যা এক্সপ্ৰেছেৰে গুৱাহাটীলৈ আহি থকাৰ সময়তে ৰে'লৰ পৰা পৰি মৃত্যু মুখত পৰে লোকজন ৷
ইতিমধ্যে পৰিয়ালৰ লোকক অৱগত কৰিছে আৰক্ষীয়ে ৷