নেশ্বনেল ডেস্ক, 3 ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ এক দেশ, এক ৰেচন কাৰ্ড কৰ্মসূচী আগন্তুক বৰ্ষৰ জুন মাহৰ পৰা প্ৰযোজ্য হ'ব ৷ প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু দৈনিক শ্ৰমজীৱিসকলৰ বাবে গ্ৰহণ কৰা এই আঁচনি সমগ্ৰ দেশতে 2020 চনৰ 1 জুনৰ পৰাই কাৰ্যকৰী কৰা হ'ব বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানে ৷ মঙলবাৰে সদনত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়কঃ মুম্বাইত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ মকড্ৰিল
এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলে একেখন ৰেচন কাৰ্ডৰ দ্বাৰাই দেশৰ যিকোনো প্ৰান্তত খাদ্যসামগ্ৰী লাভ কৰিব ৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দেশৰ যিকোনো প্ৰান্তৰ সুলভ মূল্যৰ দোকানৰ পৰাই হিতাধিকাৰীসকলে নিজৰ নামত অহা খাদ্যসামগ্ৰী ক্ৰয় কৰিব পাৰিব ৷ বৈদ্যুতিক বিক্ৰী কেন্দ্ৰত বায়'মেট্ৰিক অথবা আধাৰ কাৰ্ড সংলগ্ন কৰাৰ পিচত সম্পূৰ্ণৰূপে অনলাইন বৈদ্যুতিক বিক্ৰী কেন্দ্ৰ যন্ত্ৰৰ দ্বাৰা সুলভ মূল্যৰ দোকানত এই সেৱা হিতাধিকাৰীসকলৰ বাবে উপলব্ধ হ'ব ৷ কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী ৰামবিলাস পাছোৱানে মঙলবাৰে লোকসভাত এই কথা উল্লেখ কৰে ৷ এই ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছক এক ৰোডমেপ তৈয়াৰ কৰাৰ বাবে মন্ত্ৰালয়ে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিছে ৷
লগতে পঢ়কঃ নৌসেনা দিৱসৰ পূৰ্বে বিশাখাপট্টনমত নৌ-বাহিনীৰ অনুশীলন