ETV Bharat / bharat

কেৰালাৰ কোঝিকোডত দুমহলীয়া অট্টালিকা খহি এজনৰ মৃত্যু

author img

By

Published : Oct 23, 2020, 7:13 AM IST

কেৰালাৰ কোঝিকোডত দুমহলীয়া অট্টালিকা খহি পৰাৰ ফলত এগৰাকী লোকৰ মৃত্যু হয় ৷ মৃত লোকগৰাকী তামিলনাডুৰ ৰামাচন্দ্ৰন (64) বুলি চিনাক্ত কৰা হৈছে ৷

কেৰালাৰ কোঝিকোডত দুমহলীয়া অট্টালিকা খহি এজনৰ মৃত্যু
কেৰালাৰ কোঝিকোডত দুমহলীয়া অট্টালিকা খহি এজনৰ মৃত্যু

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: বৃহস্পতিবাৰে কোঝিকোডৰ কান্নাছেৰীত দুমহলীয়া অট্টালিকা খহি পৰাৰ ফলত এগৰাকী লোকে মৃত্যুক সাৱটি লয় ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি,ঘটনাটো বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 8:15 বজাত সংঘটিত হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি,মৃত লোকগৰাকী তামিলনাডুৰ ৰামাচন্দ্ৰন (64) বুলি চিনাক্ত কৰা হৈছে ৷ লোকগৰাকীয়ে চিকিৎসালয়লৈ নিয়াৰ পথতে শেষ নিশ্বাস ত্যাগ কৰে ৷ খহি পৰা দুমহলীয়া অট্টালিকাটোত লোকগৰাকীৰ এখন ফেন্সী গহণাৰ গুদাম আছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: স্বামী পৰিয়ালৰ যৌতুক দাবীঃ গৰ্ভৱৰ্তী মহিলাৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.