ETV Bharat / bharat

PCS বিষয়াৰ আত্মহত্যাৰ লগত জড়িত থকাৰ অভিযোগত ৬ জনৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By

Published : Jul 9, 2020, 7:47 PM IST

মঙলবাৰে উত্তৰ প্ৰদেশৰ নিজ বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল 'PCS' বিষয়া মণিমঞ্জৰী ৰায়ৰ মৃতদেহ। এই ঘটনাক লৈ মণিমঞ্জৰী ৰায়ৰ ভাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৬ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

Uttar Pradesh PCS officer's suicide
Officials, staff booked in Uttar Pradesh PCS officer's suicide case

নিউজ ডেস্ক, ৯ জুলাইঃ উত্তৰ প্ৰদেশৰ বলিয়া জিলাত 'PCS'( Provincial Civil Service) বিষয়া মণিমঞ্জৰী ৰায়ৰ আত্মহত্যাৰ এদিন পাছতেই ছয়গৰাকী লোকৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ । আত্মহত্যাৰ বাবে উচতনি দিয়াৰ অভিযোগত মণিয়াৰ নগৰ পঞ্চায়তৰ সভাপতি ভীম গুপ্তা, টেক্স ক্লাৰ্ক বিনোদ সিং,কম্পিউটাৰ অ'পাৰেটৰ অখিলেশ, কাৰ্যবাহী বিষয়া চিকন্দৰপুৰ সঞ্জয় ৰাও, এজন গাড়ীচলক সহ আন এজন অচিনাক্ত লোকৰ বিৰুদ্ধে কোটৱালী আৰক্ষী চকীত গোচৰ ৰুজু কৰা হয় ।

মঙলবাৰে নিজ বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল 'PCS' বিষয়া মণিমঞ্জৰী ৰায়ৰ মৃতদেহ। এই ঘটনাক লৈ মণিমঞ্জৰী ৰায়ৰ ভাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটাইকেইগৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । কোটৱালী আৰক্ষী চকীৰ পৰিদৰ্শক বিপিন সিঙে উল্লেখ কৰা অনুসৰি ভাৰতীয় দণ্ডবিধিৰ ৩০৬ নং ধাৰা অনুসৰি আটাইকেইগৰাকী লোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

মণিয়াৰ নগৰ পঞ্চায়তৰ সভাপতি ভীম গুপ্তা, কেইগৰাকীমান গৰাকী ঠিকাদাৰ আৰু আন-আন কাৰ্যালয়ৰ বহুকেইগৰাকী কৰ্মচাৰীয়ে মণিমঞ্জৰী ৰায়ৰ বিৰুদ্ধে উন্নয়নমূলক কাম-কাজ আৰু ঠিকা আৱন্টন দিয়াৰ ক্ষেত্ৰত ভুল পথ অৱলম্বন কৰা বুলি অভিযোগ উত্থাপন কৰিছিল । কাৰ্যালয়ৰ এনে বহু কাম-কাজৰ বাবে 'PCS' বিষয়াগৰাকীৰ মানসিক চাপ বৃদ্ধি হৈছিল বুলি জানিব পৰা গৈছে । ফলত মণিমঞ্জৰী ৰায়ে আত্মহত্যাৰ দৰে পথ বাচি ল'বলৈ বাধ্য হয় বুলি উল্লেখ কৰে তেখেতৰ ভাতৃ বিয়জানন্দ ৰায়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.