নিউজ ডেস্ক, ১ মাৰ্চঃ ওড়িশ্যাৰ ঝাৰছুগুড়া জিলাত বাছ-ট্ৰাকৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত দুগৰাকী লোক নিহত হোৱাৰ লগতে আন ১৭ গৰাকী লোক আহত হয় । শুক্ৰবাৰে ৰাতিপুৱাৰ ভাগত জিলাখনৰ মাজেৰে যোৱা ৪৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় শোকাৱহ ঘটনাটো ।
ঝাৰছুগুড়া জিলাৰ বানহাৰপলীত ওড়িশাআৰক্ষীৰ এটি দল কঢ়িয়াই অনা এখন বাছ আৰু বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয় । বানহাৰপলীত মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ এক সভাৰ বাবে আহি আছিল ৩৩ জনীয়া আৰক্ষীৰ দলটো ।
দুৰ্ঘটনাটোত ২গৰাকীকৈ আৰক্ষীৰ লোক নিহত হোৱাৰ লগতে আন ১৭ গৰাকী আহত হয় । ইতিমধ্যে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । দুৰ্ঘটনাৰ পাচতে ওড়িশ্যাৰ মুখ্যমন্ত্ৰীয়ে আহতসকলৰ বাবে ১ লাখ টকাৰ লগতে অন্যান্য় চিকিৎসা সম্বন্ধীয় সুবিধা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে । আনহাতে নিহত আৰক্ষীৰ লোকদুগৰাকীলৈ ৫ লাখ টকাৰ এককালীন সাহাৰ্য্য়ৰ লগতে পৰিয়ালৰ লোকলৈ চৰকাৰী চাকৰি প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নবীন পাটনায়কে ।