ETV Bharat / bharat

উৰিষ্যাৰ বন বিষয়ালৈ ৰাষ্ট্ৰসংঘৰ সন্মান - enforcement award

নিজৰ কৰ্তব্য একান্ত নিষ্ঠাৰে পালন কৰি ৰাষ্ট্ৰসংঘৰ এছিয়া পৰিৱেশ প্ৰৱৰ্তন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী বন বিষয়াই । বনৰৌৰ অবৈধ বেহাৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতামূলক সভা অনুষ্ঠিত কৰি এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে উৰিষ্যাৰ বন বিষয়া সস্মিতা লেংকাই ।

ৰাষ্ট্ৰসংঘৰ সন্মান লাভ উৰিষ্যাৰ বন বিষয়াৰ

author img

By

Published : Feb 7, 2021, 10:41 AM IST

নিউজ ডেস্ক,৭ ফেব্ৰুৱাৰী: পোনপ্ৰথমবাৰৰ বাবে ভাৰতে লাভ কৰিলে ৰাষ্ট্ৰসংঘৰ এছিয়া পৰিৱেশ প্ৰৱৰ্তন বঁটা । উৰিষ্যাৰ বন বিষয়া সস্মিতা লেংকাই শনিবাৰে ৰাষ্ট্ৰসংঘৰ এছিয়া পৰিৱেশ প্ৰৱৰ্তন বঁটা লাভ কৰিবলৈ সক্ষম হয় । উৰিষ্যাৰ কটক জিলাৰ আথগড়ৰ বন বিষয়া সস্মিতা লেংকাই ৰাজ্যখনত অবৈধ বনৰৌ সৰবৰাহকাৰীৰ বিৰুদ্ধে সফল অভিযান চলাই 'জেণ্ডাৰ লিডৰশ্বিপ এণ্ড ইমপেক্ট' শ্ৰেণীৰ অধীনত এই বঁটা লাভ কৰিবলৈ সক্ষম হয় । এই বঁটা লাভ কৰি সস্মিতা উৎফুল্লিত হৈ পৰিছে ।

উল্লেখ্য যে,বন বিষয়া সস্মিতাই আথগড় আৰু খোনপুননিৰ বনৰৌৰ এটা আন্তঃৰাষ্ট্ৰীয় সৰবৰাহকাৰীৰ চক্ৰ উৎখাত কৰি বৃহৎ সাফল্য লাভ কৰে । লগতে এই চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি স্থানীয় লোকসকলৰ মাজত বহু সজাগতা সভা অনুষ্ঠিত কৰি আহিছে । এই অবৈধ বেহা সন্দৰ্ভত পূৰ্বে অধিকাংশ স্থানীয় লোক অৱগত নাছিল । একমাত্ৰ লেংকাৰ নেতৃত্বত অনুষ্ঠিত এই সজাগতামূলক সভাৰ লগতে প্ৰশাসনে লোৱা কঠোৰ পদক্ষেপৰ বাবে স্থানীয় ৰাইজে এই সম্পৰ্কে অৱগত হয় ।

লগতে পঢ়ক:ভাৰত-চীনৰ শীৰ্ষ সেনা বিষয়াৰ মাজত নৱম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.