ETV Bharat / bharat

আজিৰ দিনটো 'নিৰ্ভয়া ন্যায় দিৱস' হিচাপে পালন কৰক : নিৰ্ভয়াৰ মাতৃ

author img

By

Published : Mar 20, 2020, 2:47 PM IST

20 মাৰ্চৰ দিনটো নিৰ্ভয়া ন্যায় দিৱস হিচাপে পালন কৰিবলৈ নিৰ্ভয়া মাতৃৰ আহ্বান ৷ কন্যাই ন্যায় লাভ কৰাৰ পাচতে এয়া মাতৃৰ মন্তব্য ৷

নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচী
নিৰ্ভয়াৰ মাতৃ

নেশ্যনেল ডেস্ক, 20 মাৰ্চ : নিৰ্ভয়া কাণ্ডৰ দোষীক শাস্তি প্ৰদান কৰাৰ কিছু সময়ৰ পাচতে মন্তব্য আগবঢ়াইছে মাতৃ আশা দেৱীয়ে ৷ তেওঁ কয়, "আজিৰ দিনটো দেশৰ কন্যাৰ বাবে নতুন সূৰ্যোদয়ৰ দিন ৷"

"এই দিনটোৰ বাবে আমি বহু দিনৰ পৰা ৰৈ আছিলো ৷ মোৰ কন্যাই ন্যায় লাভ কৰিলে ৷ এয়া দেশৰ কন্যাৰ বাবে নতুন সূৰ্যোদয়ৰ দিন," আশা দেৱীৰ মন্তব্য ৷

লগতে তেওঁ কয়, "এনে ঘটনাত পলম নহ'বৰ বাবে নিৰ্দেশাৱলী জাৰি কৰিবলৈ মই উচ্চতম ন্যায়ালয়ক অনুৰোধ কৰিম ৷ ইমান দিন অপেক্ষা কৰি থকাটো সঁচাকৈয়ে কষ্টকৰ আৰু বেদনাদায়ক আছিল ৷ এই দিনটো 'নিৰ্ভয়া ন্যায় দিৱস' হিচাপে পালন কৰিবলৈ আহ্বান জনাইছো ৷"

উল্লেখ্য যে, শুকুৰবাৰে পুৱা 5.30 বজাত নিৰ্ভয়া ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চাৰি দোষী মুকেশ সিং, পৱন সিং, বিনয় শৰ্মা আৰু অক্ষয় কুমাৰ সিঙক ফাঁচীকাঠত ওলমোৱা হয় ৷

আৰু পঢ়ক : নিৰ্ভয়া কাণ্ডত জড়িত চাৰি অপৰাধীক ফাঁচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.