ETV Bharat / bharat

আজি সন্ধিয়া 6.40 বজাত হ'ব উদ্ধৱ থাকৰেৰ শপত গ্ৰহণ - মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শপত গ্ৰহণ অনুষ্ঠান

মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব শিৱসেনা প্ৰধান উদ্ধৱ থাকৰে ৷ শিৱাজী পাৰ্কত সন্ধিয়া অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান ৷

Oath taking of Udhab Thackray
আজি সন্ধ্যা 6.40 বজাত হ'ব উদ্ধৱ থাকৰেৰ শপত গ্ৰহণ
author img

By

Published : Nov 28, 2019, 10:13 AM IST

Updated : Nov 28, 2019, 11:21 AM IST

নিউজ ডেস্ক,28 নৱেম্বৰ : আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰেই ৷ মুম্বাইৰ দাদৰস্থিত শিৱাজী পাৰ্কত সন্ধিয়া অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান ৷ শিৱসেনা, এন চি পি আৰু কংগ্ৰেছেৰ ‘মহা বিকাশ অঘড়ী’ মিত্ৰজোঁটৰ উদ্ধৱ থাকৰেয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ৷ মঙলবাৰে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং ক’চিয়াৰিয়ে এখন পত্ৰ যোগে কয় যে, মৌখিক অনুৰোধ অনুসৰি 28 নৱেম্বৰ(বৃহস্পতিবাৰ)ৰ সন্ধিয়া 6.40 বজাত উদ্ধৱ থাকৰেক মুখ্যমন্ত্ৰী পদ আৰু গোপনীয়তাৰ শপত দিয়া হ'ব ৷ ইয়াৰ পূৰ্বে মঙলবাৰে এনচিপি, কংগ্ৰেছ আৰু শিৱসেনাৰ বিধায়কসকলে উদ্ধৱ থাকৰেক নিজৰ নেতা ঘোষণা কৰি ৰাজ্যপাল ক’চিয়াৰিক এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ তাৰ পাছতে ক’চিয়াৰিয়ে শপত গ্ৰহণৰ বাবে নিদেৰ্শ জাৰি কৰে ৷ ইয়াৰ মাজতে বম্বে হাই-কৰ্টে শপত গ্ৰহণ অনুষ্ঠানক লৈ শিৱাজী পাৰ্কৰ নিৰাপত্তা কটকটীয়া কৰাৰ নিদেৰ্শ জাৰি কৰাৰ লগতে এনেধৰণৰ অনুষ্ঠানৰ বাবে পুনৰ এনে ৰাজহুৱা স্থান ব্যৱহাৰ নকৰিবলৈ নিদেৰ্শ প্ৰদান কৰে ৷ ইফালে নৱনিৰ্বাচিত বিধায়কসকলে বুধবাৰে বিধানসভাত ৰাজ্যপাল ভগৎ সিং ক’চিয়াৰিৰ উপস্থিতিত শপতগ্ৰহণ কৰে ৷ শপতবাক্য পঢ়োৱাই নৱনিযুক্ত অন্তৱৰ্তীকালীন অধ্যক্ষ কালিদাস কলাম্বকাৰে৷ মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ বাবে নিৰ্বাচনৰ এমাহ পিছতো শপতগ্ৰহণ কৰিব পৰা নাছিল নৱ-নিৰ্বাচিত বিধায়কসকলে ৷

আজি সন্ধ্যা 6.40 বজাত হ'ব উদ্ধৱ থাকৰেৰ শপত গ্ৰহণ

উল্লেখ্য যে, বুধবাৰে পৃথকে পৃথকে কংগ্ৰেছ সভাপতি ছোনীয়া গান্ধী আৰু প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায় শিৱসেনা প্ৰধান উদ্ধৱ থাকৰেয়ে ৷

লগতে পঢ়ক:28 নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন

Intro:Body:

Oath taking of Udhab Thackray

Conclusion:
Last Updated : Nov 28, 2019, 11:21 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.