ETV Bharat / bharat

গান্ধী পৰিয়ালৰ পৰা দলৰ অধ্যক্ষ নিযুক্তি দিয়াৰ আহ্বান এনএছইউআইৰ - কংগ্ৰেছ

ৰাহুল গান্ধীৰ দূৰদৰ্শিতা আৰু নেতৃত্বই দলক নতুন মাত্ৰা প্ৰদান কৰিব বুলি এনএছইউআয়ে আশা ব্যক্ত কৰে ৷

NSUI requests Congress president Sonia Gandhi to pass baton to Rahul Gandhi
গান্ধী পৰিয়ালৰ পৰা দলৰ অধ্যক্ষ নিযুক্তি দিয়াৰ আহ্বান এনএছইউআইৰ
author img

By

Published : Aug 24, 2020, 8:01 AM IST

নতুন দিল্লী, 24 আগষ্ট: কংগ্ৰেছ দলৰ নতুন অধ্যক্ষক লৈ অব্যাহত আছে বাক-বিতণ্ডাৰ ৷ দিল্লী প্ৰদেশ কংগ্ৰছৰ পাচত এইবাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ছাত্ৰ সংগঠন চমুকৈ এনএছইউআয়ে গান্ধী পৰিয়ালৰ পৰা এজনক দলৰ অধ্যক্ষ নিযুক্তি দিয়াৰ পোষকতা কৰিছে ৷ এনএছইউআয়ে ছোনিয়া গান্ধী বা ৰাহুল গান্ধীক দলৰ নেতৃত্ব গ্ৰহণৰ আহ্বান জনায় ৷ সোমবাৰে কংগ্ৰেছ দলৰ কাৰ্যকৰী সমিতিৰ বৈঠকৰ পূৰ্বে দেওবাৰে এনএছইউআয়ে এক বিবৃতিৰ জড়িয়তে কংগ্ৰেছ দলৰ নেতৃত্বক এই আহ্বান জনায় ৷

এনএছইউআয়ে বিবৃতিত কংগ্ৰেছৰ সদস্য তথা কাৰ্যকৰী কমিটিয়ে গ্ৰহণ কৰা সিদ্ধান্ত ছোনিয়া গান্ধী সদায় অগ্ৰাধিকাৰ দিয়ে বুলি উল্লেখ কৰি তেওঁৰ নেতৃত্বত দলে দৃঢ়তাৰে কাৰ্য পালন কৰিবলৈ সক্ষম হয় বুলি উল্লেখ কৰে ৷ ছাত্ৰ সংগঠনটোৱে কংগ্ৰেছৰ অধ্যক্ষ সলনি হ’লে ৰাহুল গান্ধীৰ দলৰ নেতৃত্ব গ্ৰহণৰ আহ্বান জনায় ৷ ৰাহুল গান্ধীৰ দূৰদৰ্শিতা আৰু নেতৃত্বই দলক নতুন মাত্ৰা প্ৰদান কৰিব বুলি এনএছইউআয়ে আশা ব্যক্ত কৰে ৷ এনএছইউআয়ে বিবৃতিত লগতে কয় যে, ৰাহুল গান্ধীয়ে একমাত্ৰ নেতা যি বিগত 6 বছৰত দেশৰ সুৰক্ষা, কৰ’ণা মহামাৰী, চীনৰ হস্তক্ষেপ আদি বিভিন্ন বিষয়ত হস্তক্ষেপ কৰি চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ সক্ষম হৈছে ৷

এনএছইউআয়ে দেশক সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাহুল গান্ধীৰ নেতৃত্বই এক নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি উল্লেখ কৰে ৷ সংগঠনটোৱে লগতে গান্ধী নেহৰু পৰিয়ালৰ প্ৰতি লক্ষাধিক কংগ্ৰেছ কৰ্মীৰ বিশ্বাস থকাৰ কথা উল্লেখ কৰি দলে গণতান্ত্ৰিক পদ্ধতিৰে সকলো সিদ্ধান্ত লোৱাৰ কথা ব্যক্ত কৰে ৷ যিটো কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ শক্তি বুলি কয় এনএছইউআয়ে ৷

লগতে পঢ়ক : কৃষিভূমিৰ ক্ষতিপূৰণ বিচাৰি কলগাছিয়াত কৃষকৰ আহ্বান চৰকাৰলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.