ETV Bharat / bharat

আমেৰিকা আৰু ভাৰতৰ নিৰাপত্তা উপদেষ্টাৰ টেলিফোনিক বাৰ্তালাপ - ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু তাৰ শান্তি-স্থিৰতা নিশ্চিত কৰাকে ধৰি বুহু আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ত কাম কৰাৰ বাবে আমেৰিকা আৰু ভাৰতৰ নিৰাপত্তা উপদেষ্টাই টেলিফোনিক বাৰ্তালাপত মিলিত হয় ৷

আমেৰিকা আৰু ভাৰতৰ নিৰাপত্তা উপদেষ্টাৰ টেলিফোনিক বাৰ্তালাপ

author img

By

Published : Jan 28, 2021, 10:03 AM IST

নেশ্যনেল ডেস্ক, 28 জানুৱাৰী: বুধবাৰে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আমেৰিকাৰ নিৰাপত্তা উপদেষ্টা জ্যাক সুল্লিভানৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয় ৷ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু তাৰ শান্তি-স্থিৰতা নিশ্চিত কৰাকে ধৰি বুহু আঞ্চলিক আৰু বিশ্বব্যাপী কেতবোৰ বিষয়ত কাম কৰাৰ বাবে আলোচনা কৰে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰাণালয়ে এক বিবৃতি যোগে কয় যে, দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে অনাগত দিনত ঘনিষ্ঠ ভাৱে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয় ৷ নিৰাপত্তাৰ দিশতো দুয়োখন দেশে কৌশলগতভাৱে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰাপত্তা উপদেষ্টা হিচাপে জ্যাক সুল্লিভান নিৰ্বাচিত হোৱাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে শুভেচ্ছা জ্ঞাপন কৰে ৷

উল্লেখ্য যে, ইয়াৰ আগতেও আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়েড আষ্টিনে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল ৷ তেতিয়াও ভাৰত-প্ৰশান্ত মহাসাগৰৰ উন্নয়নকে ধৰি আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়বোৰৰ তৎপৰতাৰ ওপৰত মত বিনিময় কৰিছিল ।

লগতে পঢ়ক: ভাৰতীয় সেনাৰ উপ প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণৰ বাবে সাজু চণ্ডি প্ৰসাদ মোহান্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.