ETV Bharat / bharat

উত্তৰ ৰেলৱে এদিনতে বনালে ১,৫০০ পিপিই - প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা

ভাৰতীয় ৰেলৰ উত্তৰ ৰেলৱে এদিনতে ১,৫০০ পিপিই বনাবলৈ সক্ষম হয় । লকডাউন আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে উত্তৰ ৰেলৱে প্ৰস্তুত কৰি উলিয়াইছে প্ৰায় ১০,০০০ পিপিই । প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ পৰা অনুমতি প্ৰাপ্ত এইসমূহ ব্যক্তিগত সুৰক্ষা সজুলি বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছে ।

উত্তৰ ৰেলৱে এদিনতে বনালে ১,৫০০ পিপিই
উত্তৰ ৰেলৱে এদিনতে বনালে ১,৫০০ পিপিই
author img

By

Published : Apr 27, 2020, 10:23 AM IST

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ ভাৰতীয় ৰেলৰ উত্তৰ ৰেলৱে ৱৰ্কশ্বপে এদিনতে প্ৰস্তুত কৰি উলিয়াইছে অভিলেখসংখ্যক ১,৫০০ পিপিই অৰ্থাৎ ব্যক্তিগত সুৰক্ষা সজুলি । লকডাউন আৰম্ভ হোৱাৰ পিচৰে পৰাই উত্তৰ ৰেলৱে এতিয়ালৈকে প্ৰায় ১০,০০০ ব্যক্তিগত সুৰক্ষা সজুলি প্ৰস্তুত কৰি উলিয়াইছে । প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ'ৰ পৰা অনুমতি প্ৰাপ্ত এইসমূহ পিপিই দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত স্বাস্থ্যকৰ্মীসকলক প্ৰদান কৰা হৈছে বুলি ৰেলৱে প্ৰকাশ কৰিছে ।

জগধ্ৰী ৰেলৱে ৱৰ্কশ্বপে ৫ এপ্ৰিলত ডিআৰডিঅ'ৰ দ্বাৰা নিৰ্ধাৰিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে কল্কা ৰেলৱে ৱৰ্কশ্বপৰ সহযোগত প্ৰায় ৬,৪৭২ টা পিপিই তৈয়াৰ কৰি উলিয়াই । ইয়াকে লৈ উত্তৰ ৰেলৱে সৰ্বমুঠ ১০,০০০ পিপিই নিৰ্মাণ কৰাৰ গৌৰৱৰ অধিকাৰী হোৱাৰ লগতে ৰেলৱেৰ মাণ্ডলিক ৱৰ্কশ্বপবোৰে লকডাউনৰ সময়চোৱাত তৈয়াৰ কৰি উলিওৱা সৰ্বমুঠ পিপিইৰ সংখ্যা প্ৰায় ২০,০০০ হয়গৈ ।

মে' মাহৰ শেষলৈকে ভাৰতীয় ৰেলে ইয়াৰ মাণ্ডলিক ৱৰ্কশ্বপবোৰৰ সহযোগত প্ৰায় ১.৩০ লাখ পিপিই তৈয়াৰ কৰি উলিওৱাৰ লক্ষ্য বান্ধি লৈছে । আনহাতে উত্তৰ ৰেলৱে ৫,৯১৭ লিটাৰ ছেনিটাইজাৰ, ৪৬,৩৭৩ মাস্ক আৰু ইয়াৰ অন্তৰ্গত ৫৪০ টা দবা আছুতীয়া কক্ষলৈ ৰূপান্তৰ কৰিছিল ।

লগতে পঢ়কঃ 78 টন Covid-সাহাৰ্য সামগ্ৰী ভাৰতলৈ প্ৰেৰণ কৰিব ছিংগাপুৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.