ETV Bharat / bharat

ৰাজ সাহাৰ্যবিহীন ৰন্ধন গেছ সহিতে বৃদ্ধি পালে বিমান টাৰবাইন ইন্ধৰ মূল্য

author img

By

Published : Jun 1, 2020, 4:41 PM IST

সোমবাৰৰ পৰা বৃদ্ধি পালে ৰাজ সাহাৰ্যবিহীন ৰন্ধন গেছ আৰু বিমান টাৰবাইন ইন্ধৰ দাম। দিল্লীত ৰাজ সাহাৰ্যবিহীন ১৪.২ কিলোগ্ৰামৰ ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য ১১.৫০ টকা বঢ়োৱাৰ ফলত প্ৰতিটো ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য ৫৯৩ টকা হয়গৈ। আনহাতে,বিমান টাৰবাইন ইন্ধৰ দাম ১১,০৩০.৬২ টকাৰ বিপৰীতে প্ৰতি কিলোগ্ৰামত ৩৩,৫৭৫,৩৭ টকালৈ বৃদ্ধি পায় ।

ৰাজ সাহাৰ্যবিহীন ৰন্ধন গেছ
ৰাজ সাহাৰ্যবিহীন ৰন্ধন গেছ সহিতে বৃদ্ধি পালে বিমান টাৰবাইন ইন্ধৰ মূল্য

নিউজ ডেস্ক,১ জুনঃ সোমবাৰে তৈলখণ্ডৰ লগত জড়িত উদ্যোগ সমূহে ৰাজ সাহাৰ্যবিহীন ৰন্ধন গেছ আৰু বিমান টাৰবাইন ইন্ধৰ দাম বৃদ্ধি কৰে। ৰাজধানী দিল্লীত মে' মাহৰ পৰা ৰাজ সাহাৰ্যবিহীন ১৪.২ কিলোগ্ৰামৰ ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য ১১.৫০ টকা বঢ়োৱাৰ ফলত প্ৰতিটো ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য ৫৯৩ টকা হয়গৈ ।

কলকাতা,মুম্বাই আৰু চেন্নাইত ৰন্ধন গেছৰ দাম ক্ৰমে ৬১৬ টকা,৫৯০.৫০ টকা আৰু ৬০৬.৫০ টকা হয়গৈ । উল্লেখ্য যে,শাসনাধীন চৰকাৰে প্ৰত্যক ঘৰতে ১৪.২ কিলোগ্ৰামৰ ছিলিণ্ডাৰৰ মুঠ ১২ টা চিলিণ্ডাৰত ৰাজ সাহাৰ্য প্ৰদান কৰি আহিছে। তাৰ ওপৰত অতিৰিক্ত ছিলিণ্ডাৰ ক্ৰয় কৰিলে বজাৰ মূল্যত কিনিব লাগিব বুলি সদৰী কৰে ।

আনহাতে, এই ছিলিণ্ডাৰৰ মৃল্য বৃদ্ধিয়ে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি উল্লেখ কৰে । কিয়নো এই আঁচনি প্ৰধানমন্ত্ৰী কল্যাণ যোজন দ্বাৰা প্ৰভাবিত আৰু এই আঁচনি অন্তৰ্ভুক্ত সকলো হিতাধিকাৰীক লক ডাউনৰ সময়ত তথা ৩০ জুনলৈ বিনামূলীয়াকৈ ছিলিণ্ডাৰ বিতৰণ কৰি আহিছে ।

আনহাতে, ইণ্ডিয়ান অইল কোম্পানীৰ বেৱছাইত অনুসৰি,ৰাজধানী দিল্লীত বিমান টাৰবাইন ইন্ধৰ দাম ১১,০৩০.৬২ টকাৰ বিপৰীতে ৩৩,৫৭৫,৩৭ টকা প্ৰতি কিলোগ্ৰামত বৃদ্ধি পায়। ঠিক সেইদৰে কলকাতা, মুম্বাই আৰু চেন্নাইত ৩৮,৫৪৩,৪৮ টকা, ৩,০৭০,৫৬ টকা আৰু ৩৪,৫৬৯,৩০ টকা প্ৰতি কিলোগ্ৰামত বৃদ্ধি পায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.