ETV Bharat / bharat

নাগৰিকৰ সুস্বাস্থ্য সম্পৰ্কত কোনো ক্ৰটি ৰখা নহ'ব : প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Mar 16, 2020, 9:40 PM IST

কৰণাভাইৰাছ প্ৰতিহত কৰিবৰ বাবে কোনো ক্ৰটি ৰখা নহয় বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ ৷ বহুকেইটা টুইটৰ জৰিয়তে মোডীৰ এই কথা প্ৰকাশ ৷

কৰ'ণাভাইৰাছ সম্পৰ্কত মোডীৰ টুইট
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নেশ্যনেল ডেস্ক, 16 মাৰ্চ : সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰে যে, কৰ'ণাভাইৰাছৰ বিৰুদ্ধে এক সন্মিলিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নাগৰিকৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবৰ বাবে কোনো ধৰণৰ ক্ৰটি ৰখা নহ'ব ৷

এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীয়ে চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যখণ্ডৰ সৈতে জড়িত অন্যান্য কৰ্মচাৰী সকলৰো প্ৰশংসা আগবঢ়ায় ৷ তেওঁ কয় যে, এই লোকসকলে ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ অৱদান দেশে সদায় মনত ৰাখিব ৷

ইয়াৰোপৰি, COVID-19 ক প্ৰতিহত কৰিবলৈ ভাৰতে কিদৰে যুঁজ অব্যাহত ৰাখিছে সেই সম্পৰ্কেও তেওঁ টুইটত ব্যাখ্যা আগবঢ়ায় ৷

'India Fights Corona' হেচটেগেৰে বহুকেইটা টুইটৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে সকলোকে উৎসাহিত কৰাৰ চেষ্টা কৰে ৷ কৰ'ণাভাইৰাছৰ বিৰুদ্ধে এই যুঁজত নিয়োজিত চিকিৎসক, নাৰ্ছ, পৌৰসভাৰ কৰ্মচাৰী, বিমানবন্দৰৰ কৰ্মচাৰী আৰু অন্যান্য লোকসকলকো তেওঁ উৎসাহ আগবঢ়ায় ৷

তেওঁ লগতে কয় যে, দায়িত্বশীল নাগৰিকসকল হৈছে COVID-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে দেশৰ বৃহৎ শক্তি ৷

আৰু পঢ়ক : COVID 19ত আক্ৰান্ত হৈ বিশ্বত প্ৰায় 6 হাজাৰ লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.