ETV Bharat / bharat

সম্প্ৰতি দেশত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণ কাৰ্যকৰী কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই!

author img

By

Published : Dec 30, 2019, 2:01 PM IST

পাটনাত এক জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদে কয় যে, সম্প্ৰতি দেশত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণ কাৰ্যকৰী কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই ৷ বিৰোধী দলে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীকৰণ(এনপিআৰ)খন অখিল ভাৰতীয় এনআৰচিৰ বাবে প্ৰথম পদক্ষেপ বুলি অভিযোগ কৰাৰ পাচত তেওঁ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

ravi shankar
কেন্দ্ৰীয় মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদ

নিউজ ডেস্ক, 30 ডিচেম্বৰঃ "সম্প্ৰতি দেশত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণ কাৰ্যকৰী কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই ৷" দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদে এই মন্তব্য কৰে ৷ এক জনসভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, ভাৰতৰ নাগৰিকত্ব অধিনিয়মৰ ধাৰা 14Aত উল্লেখ কৰা আছে যে, নাগৰিক সকলৰ বাবে ৰাষ্ট্ৰীয় পঞ্জীকৰণ হ'ব ৷ নাগৰিক সকলক এখন পৰিচয় পত্ৰ দিয়া হ'ব ৷ 2004 চনৰ ডিচেম্বৰ 3 তাৰিখৰ পৰা এই নিয়ম জাৰি কৰা হৈছিল ৷ তেওঁ লগতে কয় যে, মনমোহন সিঙৰ চৰকাৰে এই আইনৰ প্ৰৱৰ্তন কৰিছিল ৷

কেন্দ্ৰীয় মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদৰ প্ৰতিক্ৰিয়া

তেওঁ কয় যে, আইনৰ নিয়ম 4ৰ অনুসৰি এনআৰচিৰ বাবে প্ৰথমে এটা তাৰিখ দিয়া হ'ব তাৰপিচত এখন তালিকা দিয়া হ'ব ৷ ইয়াৰ পাচত সকলোৰে অভিযোগ লোৱা হ'ব আৰু এই ক্ষেত্ৰত শুনানিও গ্ৰহণ কৰা হ'ব লগতে সকলোৰে আবেদন কৰাৰ অধিকাৰ আছে ৷ কেন্দ্ৰীয় মন্ত্ৰী প্ৰসাদে ইপিনে অভিযোগ কৰে যে, কোনো লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোৱা কথা সমূহৰ বিষয়ে উল্লেখ কৰা নাই ৷ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীকৰণ (এনপিআৰ)খন অখিল ভাৰতীয় এনআৰচিৰ বাবে প্ৰথম পদক্ষেপ বুলি বিৰোধী দলে তেওঁৰ বিৰুদ্ধে অভিযোগ কৰাৰ পাচতহে মোডীৰ বিষয়ে জনসাধাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে এনআৰচি আৰু এনপিআৰৰ মাজত কোনো সামঞ্জ্যতা নাই বুলি মন্তব্য কৰিছিল ৷ লগতে তেওঁ উল্লেখ কৰে , ডিচেম্বৰৰ 22 তাৰিখে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে, এনআৰচিৰ বিষয়ে চৰকাৰৰ সৈতে কোনো ধৰণৰ আলোচনা কৰা হোৱা নাছিল ৷

বিৰোধী দলে মোডী চৰকাৰক সমালোচনা কৰাৰ বাবে বিৰোধী দলৰ ওপৰত আক্ৰমণ কৰি প্ৰসাদে কয় যে, 2010 চনৰ 7 মে'ত লোকসভাত জনগণনা ওপৰত আয়োজিত এক তৰ্কত তেতিয়াৰ গৃহ মন্ত্ৰী চিদাম্বৰমে কৈছিল যে, তেওঁলোকে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীকৰণ তৈয়াৰ কৰি আছে আৰু ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী তৈয়াৰ কৰা হ'ব ৷ মোলায়ম সিং যাদৱ, লালু যাদৱ আৰু শৰদ যাদৱে এই তৰ্কত অংশগ্ৰহণ কৰিছিল আৰু কোনোৱে সেই সিদ্ধান্তৰ বিৰোধিতা কৰা নাছিল ৷ তদুপৰি তেওঁ কয় যে, ভাৰতীয় নাগৰিকৰ ওপৰত নাগৰিকত্ব সংশোধনী আইন প্ৰযোয্য নহ'ব ৷ তেওঁলোকে বিৰোধিতা আৰু শান্তি প্ৰতিবাদক সন্মান কৰে বুলিও তেওঁ উল্লেখ কৰে ৷ কিন্তু যিসকল লোকে দেশখন ভাগ কৰাৰ কথা ক'ব তেওঁৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কেন্দ্ৰী মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদে প্ৰকাশ কৰে ৷ উল্লেখ্য যে, এনআৰচিয়ে দেশখনত অবৈধ প্ৰৱাসী সকলক চিহ্নিত কৰাৰ চেষ্টা কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এনআৰচি অসমত প্ৰৱৰ্তিত হৈছিল য'ত এনআৰচিৰ অন্তিমখন তালিকাত 19 লাখ লোকৰ নাম কৰ্তন কৰা হৈছিল ৷

লগতে পঢ়ক - নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত মূলসুতিলৈ উগ্ৰপন্থীৰ বৃহৎ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.