ETV Bharat / bharat

কৰ’ণা ভাইৰাছক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই : মোডী

author img

By

Published : Mar 3, 2020, 10:45 PM IST

Updated : Mar 4, 2020, 7:56 AM IST

কৰ’ণা ভাইৰাছক লৈ দেশবাসীক শংকিত নহ’বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ এই ভাইৰাছৰ বিৰুদ্ধে সকলো ৰাজ্য আৰু কেন্দ্ৰই সহযোগিতাৰে কাম কৰিব লাগিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে ভাৰতৰ প্ৰস্তুতি সম্পৰ্কে সমীক্ষা কৰা হৈছে গতিকে সংকিত হোৱাৰ প্ৰয়োজন নাই বুলিও টুইট কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

'No need to panic,' says PM Modi amid coronavirus outbreak
কৰ’ণা ভাইৰাছক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই : মোডী

নিউজ ডেস্ক, 3 মাৰ্চ: শেহতীয়াকৈ ভাৰতত কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ খবৰ পোহৰলৈ অহাৰ পাচতেই দেশজুৰি বিভিষিকাৰ সৃষ্টি হোৱাৰ পাচতেই দেশবাসীলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ ৷ টুইটযোগে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো নাগৰিককে সংকিত নহ’বলৈ আহ্বান জনায় ৷ এই ভাইৰাছৰ বিৰুদ্ধে সকলো ৰাজ্য আৰু কেন্দ্ৰই সহযোগিতাৰে কাম কৰিব লাগিব বুলি উল্লেখ কৰি ইতিমধ্যে ভাৰতৰ প্ৰস্তুতি সম্পৰ্কে সমীক্ষা কৰা হৈছে বুলি কয় শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে নৰেন্দ্ৰ মোডীয়ে ৷

কভিড-19 কৰ’ণা ভাইৰাছৰ সক্ৰান্তত ব্যাপক সমীক্ষা কৰাৰ লগতে বিভিন্ন মন্ত্ৰাণালয় আৰু ৰাজ্যই যুটিয়া ভাৱে কাম কৰি ভাৰতলৈ অহা লোক সকলক তন্ন-তন্নকৈ পৰীক্ষা কৰাৰ লগতে কৰ’ণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ভাৰত চৰকাৰে সকলো যাৱতীয় কাম হাতত লৈছে বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, সোমবাৰে দিল্লী আৰু তেলেংগানাত কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ দুটাকৈ নতুন খবৰ পোহৰলৈ আহিছিল ৷ ইতিমধ্যে দুয়োগৰাকী ৰোগীকে পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য আৰু গৃহ মন্ত্ৰণালয়ে ৷ ইয়াৰ পাচতেই মঙলবাৰে ভাৰতলৈ আহিবলগীয়া ইটালী, ইৰাণ, দক্ষিণ কোৰিয়া, আৰু জাপানৰ বহু যাত্ৰীৰ ই-ভিছা বাতিল কৰিছে ভাৰত চৰকাৰে ৷ অৱশ্যে যদিহে বাধ্যতামূলক কাৰণত ভাৰতলৈ আহিবলগীয়া আছে তেন্তে নিকটৱৰ্তী ভাৰতীয় দূতাবাস অথবা কঞ্চুলেটৰ পৰা নতুন ভিছাৰ অনুমোদন কৰিব পাৰে বুলি উল্লেখ কৰে ৷

  • There is no need to panic. We need to work together, take small yet important measures to ensure self-protection. pic.twitter.com/sRRPQlMdtr

    — Narendra Modi (@narendramodi) March 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে স্বাস্থ্য সচিব প্ৰীতি সুদনে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোক সকলৰ নাম প্ৰকাশিত নকৰিবলৈ আহ্বান জনায় কয় যে, আগ্ৰাত নতুনকৈ 6 জন ব্যক্তিৰ তেজৰ নমুনাত এই ভাইৰাছ ধৰা পৰিছে ৷ তেওঁলোককো পৰ্যবেক্ষণ কৰি থকা হৈছে ৷ বৰ্তমানলৈকে সমগ্ৰ বিশ্বতে 3000 হাজাৰত কৈ অধিক লোকৰ মৃত্যু হৈছে এই ভাইৰাছত ৷ ইয়াৰে চীনত মৃতকৰ সংখ্যা হৈছে 2912 গৰাকী ৷ প্ৰায় 80,000 লোকক প্ৰভাৱিত কৰিছে এই মাৰাত্মক ভাইৰাছে ৷

Last Updated : Mar 4, 2020, 7:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.