ETV Bharat / bharat

মাৰাঠী ভাষা ব্যৱহাৰ নকৰা কৰ্মচাৰী সকলৰ নহ'ব পদোন্নতিঃ উদ্ধৱ থাকৰে

author img

By

Published : Jul 2, 2020, 10:41 PM IST

মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে এক প্ৰস্তাৱ জাৰি কৰিছে যত স্পষ্ট কৈ উল্লেখ কৰে যে, সকলো বিভাগ আৰু স্থানীয় প্ৰাধিকৰণ আৰু অধিকাৰী আৰু কৰ্মচাৰী সকলে চৰকাৰী সকলো বিষয়তে মাৰাঠী কাৰ্যকৰী কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে । যদি বিষয়া সকলে মাৰাঠী ভাষা ব্যৱহাৰ কৰাত বিফল হয় তেতিয়াহলে তেওঁলোকৰ বাৰ্ষিক পদোন্নতি নহ'ব বুলি উল্লেখ কৰে ।

no-marathi-no-increment-maharashtra-govt-to-officials

নিউজ ডেস্ক, ২ জুলাই : মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে এক প্ৰস্তাৱ জাৰি কৰিছে যত স্পষ্ট কৈ উল্লেখ কৰে যে, সকলো বিভাগ আৰু স্থানীয় প্ৰাধিকৰণ আৰু অধিকাৰী আৰু কৰ্মচাৰী সকলে চৰকাৰী সকলো বিষয়তে মাৰাঠী কাৰ্যকৰী কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে । যদি বিষয়া সকলে মাৰাঠী ভাষা ব্যৱহাৰ কৰাত বিফল হয় তেতিয়াহলে তেওঁলোকৰ বাৰ্ষিক পদোন্নতি নহ'ব বুলি উল্লেখ কৰে ।

তথ্য অনুসৰি, সকলো বিষয়া কৰ্মচাৰীক মাৰাঠী ভাষা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰু যি সকল লোকে নিজ ইশ্চা অনুসৰি মাৰাঠী ভাষা ব্যৱহাৰ নকৰে তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱা হ'ব বুলি নিৰ্দেশ প্ৰদান কৰে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, বহু কেইটা বিভাগে বৰ্তমানেও ইংৰাজী ভাষা ব্যৱহাৰ কৰে আৰু যিকোনো জাননী ইংৰাজী ভাষাত ব্যৱহাৰ কৰে বুলি উল্লেখ কৰে । লগতে লক্ ডাউনৰ সময়ত বহু কেইখন জাননী ইংৰাজী ভাষাত দিয়াৰ বাবে সাধাৰণ ৰাইজে বুজি নোপোৱা বুলিও উল্লেখ কৰে । গতিকে যিসকলে মাৰাঠী ভাষাক এলাগী কৰে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা লোৱা হ'ব বুলিও উল্লেখ কৰে ।

১৯৮৬ চনত চৰকাৰে মাৰাঠী ভাষা প্ৰয়োগৰ নিৰ্দেশ দিয়াৰ পিচতো সঠিক ৰূপত ব্যৱহাৰ নোহোৱাৰ বাবে পুনৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে । ইয়াৰ উপৰিও চৰকাৰে ৰাজ্যৰ ভাষা-সংস্কৃতি সংৰক্ষণৰ বাবে বহুতো ব্যলস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.