ETV Bharat / bharat

কেন্দ্ৰীয় চৰকাৰৰ কোনো কথাকে বিশ্বাসত ল’ব নোৱাৰিঃ সীতাৰাম য়েচুৰী

শাসকীয় বিজেপি চৰকাৰখনক সমালোচনা কৰি চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে কয়, কেন্দ্ৰীয় চৰকাৰৰ কৃষক প্ৰতিবাদ সন্দৰ্ভত কৰা কোনো কথাকেই বিশ্বাসত ল’ব নোৱাৰি ৷

No confidence in what Central govt says on farm issues: Sitaram Yechury
কেন্দ্ৰীয় চৰকাৰৰ কোনো কথাকে বিশ্বাসত ল’ব নোৱাৰিঃসীতাৰাম য়েচুৰী
author img

By

Published : Dec 26, 2020, 12:28 PM IST

নেশ্যনেল ডেস্ক,26 ডিচেম্বৰ: বিজেপি শাসনাধীন চৰকাৰ খনৰ কোনো কথাকে বিশ্বাসত ল’ব নোৱাৰি ৷ এই মন্তব্য চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ ৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিবাদকাৰী কৃষকৰ বিভিন্ন সমস্যা সন্দৰ্ভত কৃষকৰে পুনৰ আলোচনাত মিলিত হ’ব বুলি এক মন্তব্য কৰাৰ পিছতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চিপিআই(এম)ৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

য়েচুৰীয়ে টুইটযোগে কয়, "কৃষকৰে মোদী চৰকাৰৰ আলোচনা সন্দৰ্ভত কোনো কথাকে বিশ্বাসত ল’ব নোৱাৰি ৷ এই তিনিখন বিধেয়কেই সংসদত কোনোধৰণৰ আলোচনা নকৰাকৈ গৃহীত কৰিছিল শাসকীয় চৰকাৰখনে ৷ প্ৰধানমন্ত্ৰীয়ে আজি দাবী কৰিছে যে, তেওঁ কৃষকৰ বাবে কিছু ধন মোকলাই দিছে ৷ কিন্তু এইয়া কেৱল নিৰ্বাচনৰ পূৰ্বৰ আঁচনিহে ৷"

  • There is no confidence in Modi government’s assurances for discussions with farmers since these bills were passed without any prior discussion and by preventing a vote in the House. No confidence in whatever they say. (1/n)

    — Sitaram Yechury (@SitaramYechury) December 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

তিনিওখন কৃষি আইনৰ পক্ষত মাত মাতি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, কেন্দ্ৰই কৃষকসকলৰ সমস্যা সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ কৰিবলৈ সাজু ৷ যেতিয়ালৈকে এই আলোচনা সমস্যা,প্ৰকৃত তথ্য আৰু যুক্তিৰ ওপৰত নিৰ্ধাৰিত হৈ থাকিব তেতিয়ালৈকে চৰকাৰৰ তীব্ৰ বিৰোধীতা কৰা লোকৰ সৈতেও চৰকাৰে আলোচনা বাহাল ৰাখিব ৷ ইয়াৰ মাজতেই প্ৰধানমন্ত্ৰী মোদীয়ে বামপন্থী সকলকো আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

  • PM claimed that they are implementing an MSP 50% over input costs - a complete untruth. Swaminathan Commission recommended C2 + 50% as MSP, government at best gives A2 + 50%, at least 30% less! (n/n)

আনহাতে, য়েচুৰীয়ে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰি কয় "প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে কেৰালাত কিয় কোনোধৰণৰ প্ৰতিবাদ হোৱা নাই ৷ ইয়াৰ বিপৰীতে কেৰালাত অন্য ডাঙৰ প্ৰতিবাদ হৈ আছে ৷ কেৰালা চৰকাৰৰ দ্বাৰা এই তিনিওখন কৃষি বিধেয়ককে বাতিল কৰাৰ বাবে সংসদত বিশেষ বৈঠকৰ বাবে আবেদনৰ অনুমোদনক নাকচ কৰে ৰাজ্যপালে ৷ এইয়া সম্পূৰ্ণৰূপে অসংবিধানিক ৷"

লগতে পঢ়ক-ইউৰোপৰ 9 খন দেশত পুনৰ ক'ৰণাৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.