নিউজ ডেস্ক, 24 আগষ্টঃ সোমবাৰেও একে অৱস্থাত আছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ স্বাস্থ্য ৷ পূৰ্বৰ দৰে সোমবাৰেও ৰাষ্ট্ৰপতি গৰাকী সংজ্ঞাহীন হৈ থকা বুলি সদৰি কৰে Army's Research and Referral হাস্পতাল কৰ্তৃপক্ষই ৷
আনহাতে, 84 বছৰীয়া প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ভেন্টিলেটৰৰ সহায়তহে শ্বাস-প্ৰশ্বাসে ক্ৰিয়া কৰি আছে বুলি মত প্ৰকাশ কৰে হাস্পতাল কৰ্তৃপক্ষই ৷ লগতে কয় যে, "প্ৰণৱ মূখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা আজি পুৱা ভাগৰ পৰাই একে অৱস্থাত আছে ৷ তেখেত সংজ্ঞাহীন হৈ আছে আৰু তেখেতক উন্নতমানৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ কিন্তু তেখেতৰ পেৰামিটাৰ বৰ্তমানো স্থিৰে আছে ৷
উল্লেখ্য যে, 10 আগষ্টত Army's Research and Referral হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰণৱ মুখাৰ্জীক ৷ মস্তিষ্কৰ পৰা এটা চেকুৰা আঁতৰাবলৈ মস্তিষ্কৰ অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ ৷ মস্তিষ্কৰ অস্ত্ৰোপচাৰৰ পিছতে ১৬ আগষ্টত মহামাৰী COVID-19 ত আক্ৰান্ত হয় মূখাৰ্জী । সম্প্ৰতি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী সংজ্ঞাহীন হৈ আছে যদিও তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া, ৰক্ত সঞ্চালন, আৰু ৰক্তচাপ সুস্থিৰ অৱস্থাতে আছে বুলি মত প্ৰকাশ কৰে হাস্পতাল কৰ্তৃপক্ষই ।
আৰু পঢ়কঃ ৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা