ETV Bharat / bharat

সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত NGO বা ব্যক্তিৰ বাবে নিষেধাজ্ঞা নাইঃ কে পালানীস্বামী

চৰকাৰি জাননী প্ৰকাশ কৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পালানীস্বামীয়ে কয় যে, বিৰোধী দলে কিছু ভুল বুজাবুজিৰ সৃষ্টি কৰিছে । তেওঁৰ চৰকাৰে কেৱল জনতাক প্ৰশাসনৰ লগত সহযোগীতা কৰাৰহে পৰামৰ্শ দিছিল যাতে প্ৰয়োজনীয় লোকৰ হাতলৈ সাহায্য সমূহ নিৰাপদে যায় ।

No ban on NGOs, others distributing relief materials: TN CM
সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত NGO বা ব্যক্তিৰ বাবে নিষেধাজ্ঞা নাইঃ কে পালানীস্বামী
author img

By

Published : Apr 13, 2020, 6:48 PM IST

চেন্নাই, 13 এপ্ৰিলঃ যথেষ্ট সমালোচিত হোৱাৰ পাচত তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পালানীস্বামীয়ে সোমবাৰে স্পষ্টীকৰণ দি কয় যে, সাহায্য বিতৰণৰ ক্ষেত্ৰত কোনো NGO বা ব্যক্তিলৈ নিষেধাজ্ঞা নাই ।

কিছুদিন পূৰ্বে জনতাক সকীয়াই দি কৈছিল যে, লকডাউন ভংগ কৰি কোনো দল বা সংগঠন বা ব্যক্তিয়ে সাহায্য বিতৰণ কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব ।

সোমবাৰে চৰকাৰী জাননীত স্পষ্টীকৰণ দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, জনতাক প্ৰশাসনৰ লগত সহযোগীতা কৰাৰহে পৰামৰ্শ দিছিল যাতে তেওঁলোকে প্ৰদান কৰা সামগ্ৰী সমূহ প্ৰয়োজনীয় লোকৰ হাতলৈ নিৰাপদে পঠিয়াব পাৰে ।

তেওঁ কয় যে, ছুনামী, ধুমুহা আদিত সাহায্য দিলে সামাজিক দূৰত্ব ৰাখিব নালাগে । কিন্তু এই বিপদত সাহায্য দিলেও সামাজিক দূৰত্ব ৰাখিব লাগিব । তেওঁ লগতে কয় যে, তেওঁ জনতাক জনোৱা আহ্বানক বিৰোধীয়ে ভুল প্ৰচাৰ কৰি ভুল বুজাবুজিৰ সৃষ্টি কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.