ETV Bharat / bharat

আজি ৪২সংখ্যক জি এছ টি পৰিষদৰ বৈঠক - নিৰ্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে ৪২সংখ্যক জি এছ টি পৰিষদৰ বৈঠক । দিনৰ ১১ বজাৰ পৰা নতুন দিল্লীত ভিডিঅ' কন্ফাৰেন্সিঙৰ জৰিয়তে বৈঠক অনুষ্ঠিত হৈছে ।

আজি ৪২সংখ্যক জি এছ টি পৰিষদৰ বৈঠক
আজি ৪২সংখ্যক জি এছ টি পৰিষদৰ বৈঠক
author img

By

Published : Oct 5, 2020, 12:45 PM IST

নেশ্যনেল ডেস্ক, ৫ অক্টোবৰ: আজি অনুষ্ঠিত হৈছে ৪২সংখ্যক জি এছ টি পৰিষদৰ বৈঠক । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত দিনৰ ১১ বজাৰ পৰা বৈঠক আৰম্ভ হৈছে । নতুন দিল্লীৰ পৰা ভিডিঅ' কন্ফাৰেন্সযোগে বৈঠকত অংশ লৈছে বিত্তমন্ত্ৰীয়ে । ৪২সংখ্যক জি এছ টি পৰিষদৰ বৈঠক অংশগ্ৰহণ কৰিছে বিত্ত ৰাজ্য মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল তথা ৰাজ্যসমূহৰ বিত্তমন্ত্ৰীসকলে । চৰকাৰৰ উচ্চপদস্থ বিষয়াও এই বৈঠকত উপস্থিত থাকিব বুলি টুইটযোগে প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰালয়ে । যোৱা ২৭ আগষ্টত অনুষ্ঠিত হোৱা আগৰ বৈঠকত জিএছটি পৰিষদে জিএছটি ক্ষতিপূৰণক লৈ ৰাজ্যসমূহক দুটা বিকল্প উপায় দিছে । এটা হৈছে ৰাজ্যসমূহে জিএছটিৰ পৰা সংগৃহীত ৰাজহৰ লোকচানৰ বাবে ৰিজাৰ্ভ বেংকৰ পৰা লোৱা ঋণৰ সুদসহ ৯৭হাজাৰ কোটি টকা কেন্দ্ৰই প্ৰদান কৰিব। দ্বিতীয়টো এই বৰ্ষত ২,৩৫,০০০কোটি টকাৰ ক্ষতিপূৰণৰ ব্যৱধান ৰিজাৰ্ভ বেংকৰ পৰামৰ্শৰ জৰিয়তে সমাধান কৰিব পৰা যাব ।

  • Finance Minister Smt. @nsitharaman will chair the 42nd GST Council meeting via video conferencing at 11 AM in New Delhi today. The meeting will be attended by MOS Shri. @ianuragthakur besides Finance Ministers of States & UTs and Senior officers from Union Government & States. pic.twitter.com/XsoHM7X8dq

    — Ministry of Finance (@FinMinIndia) October 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : ভাৰত-ম্যানমাৰৰ আলোচনাৰ মাজতেই বৃদ্ধি বিদ্ৰোহী সংগঠনৰ কাৰ্যকলাপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.