ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডঃ অপৰাধীৰ শেষ ইচ্ছা পূৰাব তিহাৰ কৰ্তৃপক্ষই - নিৰ্ভয়া কাণ্ড

নিৰ্ভয়া কাণ্ডৰ অপৰাধী কেইজনৰ মৃত্যুৰ পূৰ্বে শেষ ইচ্ছা পূৰোৱাৰ আগ্ৰহ প্ৰকাশ কৰে তিহাৰ জেল কৰ্তৃপক্ষই ৷ জেল কৰ্তৃপক্ষই লগতে কয় যে,আইনৰ আওতাত থাকোতেই অপৰাধী কেইজনৰ শেষ ইচ্ছা পূৰণ কৰা হ’ব ৷

তিহাৰ জেল কৰ্তৃপক্ষ
শেষ ইচ্ছা
author img

By

Published : Jan 23, 2020, 3:05 PM IST

Updated : Jan 23, 2020, 6:13 PM IST

নতুন দিল্লী,23 জানুৱাৰীঃ নিৰ্ভয়া কাণ্ডৰ দোষীসকলক 1 ফেব্ৰুৱাৰীৰ পুৱা 6 বজাত ফাঁচী দিয়া হ’ব ৷ ইতিমধ্যে এই সন্দৰ্ভত মৃত্যুদণ্ডৰ আদেশ জাৰি কৰা হৈছে ৷ সেয়ে অপৰাধী কেইজনৰ মৃত্যুৰ পূৰ্বে শেষ ইচ্ছাৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে তিহাৰ জেল কৰ্তৃপক্ষই ৷ জেল কৰ্তৃপক্ষই লগতে কয় যে,আইনৰ আওতাত থাকোতেই অপৰাধী কেইজনৰ শেষ ইচ্ছা পূৰণ কৰা হ’ব ৷ ইপিনে শাস্তিৰ দিন ঘোষণা হোৱাৰ পৰা দুজন অপৰাধীয়ে খাদ্য গ্ৰহণ কৰা বাদ দিছে ৷

তথ্য অনুসৰি 2012 চনৰ 16 ডিচেম্বৰত সংঘটিত নিৰ্ভয়া কাণ্ডৰ বাবে আদালতে দোষীক মৃত্যুদণ্ডৰ ঘোষণা কৰে ৷ আদালতৰ নিৰ্দেশ অনুসৰিয়ে এই শাস্তি প্ৰদান কৰা হ’ব ৷ দোষী কেইজনে শেষ ইচ্ছা অনুসৰি পৰিয়ালৰ লোকক সাক্ষাৎ কৰিব পাৰিব,যিকোনো সম্পত্তি আনৰ নামত পঞ্জীয়ন কৰিব পাৰিব,যিকোনো গ্ৰন্থৰ বাবে জেল কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ লগতে ধৰ্মগুৰু আদিক সাক্ষাৎ কৰিব পাৰিব ৷ কিন্তু অপৰাধী কেইজনৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ উত্তৰ লাভ কৰা নাই জেল কৰ্তৃপক্ষই ৷

দোষীয়ে গ্ৰহণ কৰা নাই খাদ্যঃ

তিহাৰ জেল কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি নিৰ্ভয়া কাণ্ডৰ দোষীসকলৰ মৃত্যুদণ্ড ঘোষণা কৰাৰ পৰা দুজন অপৰাধীয়ে খাদ্য গ্ৰহণ কৰা এৰি দিছে ৷ অন্যতম অভিযুক্ত বিনয়ে শাস্তি ঘোষণাৰ দুদিন পিছলৈ খাদ্য গ্ৰহণ কৰা নাছিল ৷ বুধবাৰে জেল কৰ্তৃপক্ষৰ বুজনিত সামান্য খাদ্য গ্ৰহণ কৰে অপৰাধীজনে ৷ ইয়াৰ লগতে পবন নামৰ অপৰাধীজনেও পূৰ্বৰ তুলনাত খাদ্য কমাই দিছে ৷ তিহাৰ কৰ্তৃপক্ষই মুকেশ নামৰ অপৰাধীজনে ফাঁচীৰ পৰা সাৰিবলৈ ইতিমধ্যে সকলো পথ বন্ধ হৈ পৰিছে বুলি প্ৰকাশ কৰে ৷ কিয়নো ৰাষ্ট্ৰপতিয়ে অপৰাধীজনৰ ক্ষমা আবেদন কিছুদিন পূৰ্বে নাকচ কৰিছিল ৷ ইয়াৰ বিপৰীতে অন্য তিনিজন অপৰাধীৰ বাবে পুনৰীক্ষণৰ পথ খোলা আছে ৷

24 ঘণ্টাই দোষীৰ চাল-চলন নিৰীক্ষণঃ

নিৰ্ভয়া কাণ্ডত জড়িত চাৰিওজন দোষীকে তিহাৰ জেল কৰ্তৃপক্ষই 24 ঘণ্টাই নিৰীক্ষণত ৰাখিছে ৷ বিশেষ অপৰাধী কেইজনক নিৰীক্ষণ কৰি থাকিবলৈ প্ৰতি দুঘণ্টাৰ মূৰে মূৰে নিৰাপত্তাৰক্ষী সলনিৰ ব্যৱস্থা কৰিছে জেল কৰ্তৃপক্ষই ৷ চাৰিওজন দোষীকে জেল নম্বৰ তিনিত সুকীয়া সুকীয়াকৈ ৰখা হৈছে ৷ প্ৰতিজন অপৰাধীৰ বিপৰীতে দুজনকৈ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে ৷ অপৰাধী কেইজনৰ বাবে দৈনন্দিন প্ৰায় 32 জন সুৰক্ষাকৰ্মীৰ ব্যৱস্থা কৰিছে তিহাৰ জেল কৰ্তৃপক্ষই ৷

ফাঁচীৰ তাৰিখ বৃদ্ধিৰ সম্ভাৱনাঃ

জেল কৰ্তৃপক্ষৰ আশংকা অনুসৰি যদিহে কোনো অপৰাধীয়ে ক্ষমা বিচাৰি আবেদন জনায় তেন্তে ফাঁচীৰ তাৰিখ সলনি হোৱাৰ সম্ভাৱনা আছে ৷ এই আবেদন খাৰিজ হ’লে পুনৰ নতুন তাৰিখৰ বাবে মৃত্যুদণ্ডৰ আদেশ ল'ব লাগিব ৷ কিয়নো ক্ষমা আবেদন খাৰিজ হোৱাৰ পিছত 14 দিনলৈ দোষীক ফাঁচী প্ৰদান কৰাৰ সময় থাকে ৷

লগতে চাওকঃঅৱনমিত ভূমিয়ে ভাৰতৰ খাদ্য সুৰক্ষাৰ প্ৰতি কঢ়িয়াইছে সংকট

Intro:वीडियो wrap से भेज रहा हूँ. कृप्या इस्तेमाल कर लीजिएगा.
नई दिल्ली
निर्भया कांड के चारों दोषियों को एक फरवरी की सुबह 6 बजे फांसी पर लटकाया जाएगा. इसके लिए बकायदा डेथ वारेंट जारी हो चुका है. तिहाड़ प्रशासन ने मौत से पहले इन चारों दोषियों से उनकी आखिरी इच्छा पूछी है. तिहाड़ प्रशासन का कहना है कि कानूनी दायरे में रहते हुए उनकी आखिरी इच्छा पूरी की जाएगी. उधर अपनी मौत की तारीख तय होने के बाद से दो दोषियों ने ठीक से खाना नहीं खा रहे हैं.

Body:जानकारी के अनुसार 16 दिसंबर 2012 को हुए निर्भया कांड के मामले में पटियाला हाउस अदालत चारों दोषियों के डेथ वारंट जारी कर चुकी है. अदालत के आदेश अनुसार उन्हें 1 फरवरी की सुबह 6:00 बजे फांसी दी जाएगी. इस फांसी से पहले तिहाड़ जेल प्रशासन की तरफ से चारों दोषियों को नोटिस देकर उनसे आखरी इच्छा पूछी गई है. अपनी आखिरी इच्छा में वह अपने किसी परिवार या करीबी से मुलाकात कर सकते हैं, अपनी कोई प्रॉपर्टी किसी के नाम ट्रांसफर कर सकते हैं, किसी प्रकार की किताब मांगना, धर्मगुरु से मिलना आदि कर सकते हैं. फिलहाल उनकी तरफ से तिहाड़ प्रशासन को अभी कोई जवाब नहीं दिया गया है.

दो दोषी नहीं खा रहे ठीक से खाना
तिहाड़ जेल सूत्रों का कहना है कि जब से निर्भया के दोषियों का डेथ वारंट जारी हुआ है, जेल में मौजूद दो दोषियों ने ठीक से खाना नहीं खाया है. विनय ने डेथ वारंट जारी होने के बाद 2 दिन तक खाना नहीं खाया. बुधवार को जब जेल प्रशासन की तरफ से उसे समझाया गया तो उसने थोड़ा खाना खाया. वहीं पवन भी पहले की तरह खाना नहीं खा रहा है. उसने भी खाना कम कर दिया है. तिहाड़ प्रशासन के अनुसार जेल में बंद मुकेश फांसी से बचने के लिए अपने सभी कानूनी अधिकार खत्म कर चुका है. उसकी याचिका राष्ट्रपति के पास से खारिज हो चुकी है. वहीं अभी अन्य तीन दोषियों के पास दया याचिका दायर करने का रास्ता खुला हुआ है. इनमें से दो और दोषी क्यूरेटिव पिटिशन भी दाखिल कर सकते हैं.

24 घंटे की जा रही कैदियों की निगरानी
तिहाड़ सूत्रों का कहना है कि निर्भया कांड के इन चारों दोषियों कि 24 घंटे निगरानी की जा रही है. यहां पर लगातार सुरक्षाकर्मी तैनात रहते हैं जिन्हें प्रत्येक 2 घंटे में बदल दिया जाता है. यह चारों दोषी जेल नंबर 3 में अलग-अलग सेल में रखे गए हैं और प्रत्येक दोषी के सेल के बाहर दो गार्ड को हमेशा तैनात रखा जाता है. चारों की सुरक्षा में रोजाना पूरे दिन के मिलाकर लगभग 32 सिक्योरिटी गार्ड तैनात रहते हैं.

Conclusion:बढ़ सकती है फांसी की तारीख
तिहाड़ जेल सूत्रों का कहना है कि अगर अन्य दोषियों में से किसी ने राष्ट्रपति के पास दया याचिका दायर की तो फांसी की तारीख एक बार फिर टल सकती है. दया याचिका खारिज होने के बाद एक बार फिर नया डेथ वारंट लेना पड़ेगा क्योंकि दया याचिका खारिज होने के बाद दोषी को फांसी के लिए 14 दिन का समय दिया जाता है.
Last Updated : Jan 23, 2020, 6:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.