নেশ্যনেল ডেস্ক, 11 মাৰ্চ : দিল্লীৰ কৰকৰদুমা আদালতে বুধবাৰে মান্দোলী কাৰাগাৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে এখন জাননী ৷ নিৰ্ভয়া গোচৰৰ এজন অভিযুক্তক দুই আৰক্ষী বিষয়াই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰাত এনেদৰে জাননী জাৰি কৰা হৈছে কাৰাগাৰ কৰ্তৃপক্ষলৈ ৷
অভিযুক্ত পৱন গুপ্তাই দাখিল কৰা অভিযোগ অনুসৰি, দুই আৰক্ষী বিষয়াই বেতেৰে কোবোৱাৰ লগতে মূৰত প্ৰহাৰ কৰে ৷ ইয়াৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি অভিযোগ দাখিল কৰিছে ৷
এই সম্পৰ্কত আদালতে কাৰাগাৰ কৰ্তৃপক্ষৰ প্ৰতিক্ৰিয়া বিচৰাৰ লগতে বিষয়টো বৃহস্পতিবাৰলৈ সংৰক্ষিত কৰি ৰাখিছে ৷
উল্লেখ্য যে, 20 মাৰ্চৰ পুৱা 5.30 বজাত পৱনৰ লগতে বিনয়, অক্ষয় আৰু মুকেশক মৃত্যুদণ্ড প্ৰদান কৰা হ'ব ৷
আৰু পঢ়ক : বিজেপিত যোগ দিয়েই কংগ্ৰেছক তীব্ৰ সমালোচনা সিন্ধিয়াৰ