ETV Bharat / bharat

নিৰ্ভয়া কাণ্ড : আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালতৰ দ্বাৰস্থ 3 অপৰাধী

author img

By

Published : Mar 16, 2020, 10:47 PM IST

এইবাৰ আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালতৰ দ্বাৰস্থ হ'ল নিৰ্ভয়া কাণ্ডৰ তিনি অপৰাধী ৷ মৃত্যুদণ্ড স্থগিত ৰখাৰ অনুৰোধ জনায় তিনি অপৰাধীয়ে ৷

ICJ ৰ দ্বাৰস্থ নিৰ্ভয়াৰ অপৰাধী
আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালত

নেশ্যনেল ডেস্ক, 16 মাৰ্চ : নিৰ্ভয়া ধৰ্ষণ আৰু হত্যাকাণ্ডৰ 4 অপৰাধীৰ তিনিজন দ্বাৰস্থ হৈছে আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালতৰ (ICJ) ৷ মৃত্যুদণ্ডৰ ৰায় লাভ কৰা এই তিনিজন অপৰাধীয়ে মৃত্যুদণ্ড স্থগিত ৰখাৰ অনুৰোধ জনাই আন্তৰাষ্ট্ৰীয় আদালতৰ দ্বাৰস্থ হৈছে ৷ ICJ ৰ দ্বাৰস্থ হোৱা অপৰাধী কেইজন হৈছে অক্ষয় সিং, পৱন গুপ্তা আৰু বিনয় শৰ্মা ৷

উল্লেখ্য যে, 2012 চনৰ নিৰ্ভয়া ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধী কেইজনক 20 মাৰ্চত পুৱা 5.30 বজাত ফাঁচীকাঠত ওলমোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

ইয়াৰ পূৰ্বে তিনিবাৰকৈ দোষী কেইজনৰ ৰায়দানৰ দিন স্থগিত ৰখা হৈছিল ৷

উল্লেখ্য যে, 23 বৰ্ষীয় এগৰাকী ফিজিঅ'থেৰাপিষ্টক 2012 চনৰ 16 ডিচেম্বৰত এখন চলন্ত বাচত ধৰ্ষণ কৰাৰ লগতে প্ৰহাৰ কৰা হৈছিল৷ দুই পষেকৰ পাচত 'নিৰ্ভয়া' নামেৰে পৰিচিত এইগৰাকী যুৱতীয়ে মৃত্যুক সাৱটি লৈছিল ৷

ইয়াৰ পাচতে ছয়জনকৈ লোকক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ইয়াৰে এজন কিশোৰ হোৱাৰ লগতে এজনে তিহাৰ জেলৰ ভিতৰতে আত্মহত্যা কৰিছিল ৷ আনহাতে, তিনিবছৰ শুধৰণি গৃহত কটোৱাৰ পাচত কিশোৰজনক 2015 চনত মুকলি কৰি দিয়া হৈছিল ৷

আৰু পঢ়ক : নাগৰিকৰ সুস্বাস্থ্য সম্পৰ্কত কোনো ক্ৰটি ৰখা নহ'ব : প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.