ETV Bharat / bharat

২০২৪ লৈ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্য় - ২০২৪ লৈ উত্তৰ-পূব সীমান্ত ৰেলৱৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্য়

২০২৪ চনলৈ উত্তৰ-পূব সীমান্ত ৰেলৱে নিজৰ ক্ষমতা বৃদ্ধিৰ বিভিন্ন পৰিকল্পনা হাতত লৈছে । 'ভিজন ২০২৪' দষ্টাবেজ অনুসৰি ২০২৪ চনৰ ভিতৰত ৰেল পথ সম্প্ৰসাৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে উত্তৰ-পূব সীমান্ত ৰেলৱেয়ে ।

২০২৪ লৈ উত্তৰ-পূব সীমান্ত ৰেলৱৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্য়

author img

By

Published : Jan 27, 2021, 5:06 PM IST

নিউজ ডেস্ক , ২৭ জানুৱাৰী : ২০২৪ চনলৈ উত্তৰ-পূব সীমান্ত ৰেলৱে নিজৰ ক্ষমতা বৃদ্ধিৰ বিভিন্ন পৰিকল্পনা হাতত লৈছে । তাৰ ভিতৰত উত্তৰ-পূব সীমান্ত ৰেলৱে ২০২৪ চনৰ মাৰ্চৰ ভিতৰত ৰেল পথ দুগুণ বৃদ্ধিৰ পৰিকল্পনা কৰিছে । লগতে ইয়াৰ ক্ষমতা বৃদ্ধিৰ বাবে তিনিটা উচ্চ ঘনত্ব নেটৱৰ্ক (এইছডিএন) আৰু দুটা উচ্চ ব্য়ৱহাৰ যোগ্য় নেটৱৰ্ক (এইচইউএন)ৰ পথ চিনাক্ত কৰিছে ।

এইছডিএন পথবোৰ ক্ৰমে নিউ বঙাইগাঁওৰ পৰা ৰঙিয়া হৈ আগিয়াথৰীলৈ, অম্বৰী ফালাকাটাৰ পৰা নিউ ম্য়ানাগুৰীলৈ আৰু নিউ ম্য়ানাগুৰীৰ পৰা গুমণিহাট শাখালৈ । আনহাতে এইচইউএন দুটা হ'ল নিউ বঙাইগাঁওৰ পৰা গোৱালপাৰা হৈ কামাখ্য়ালৈ আৰু দিগাৰুৰ পৰা হোজাই শাখালৈ । ভাৰতীয় ৰেলৱে শেহতীয়াকৈ প্ৰকাশ কৰা দষ্টাবেজ 'ভিজন ২০২৪' অনুসৰি ২০২৪ চনৰ ভিতৰত ২০২৪ মেট্ৰিকটন মালবাহী লোডিঙৰ লক্ষ্য়ৰে এই পৰিকল্পনা হাতত লৈছে । ২০২৪ চনৰ ভিতৰত লামডিঙৰ পৰা ফৰকাটিঙলৈ দ্বৈত ৰেলপথ নিৰ্মাণৰো লক্ষ্য় আছে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ।

লগতে কাটিহাৰৰ পৰা কুমেদপুৰ আৰু কাটিহাৰৰ পৰা মুকুৰীলৈ দ্বৈত ৰেল পথ সম্প্ৰসাৰণৰ কাম চলি আছে । ইয়াৰ লগে লগে ২০২৪ চনৰ ভিতৰত সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত ফৰকাটিং পৰ্যন্ত একোটাকৈ দ্বৈত ৰেল পথ নিৰ্মাণ হ'ব যাৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ৰেল চলাচলৰ সুবিধা হ'ব ।

ইয়াৰ মাজতে উত্তৰ-পূব সীমান্ত ৰেলৱে (এনএফআৰ)য়ে গুৱাহাটীলৈকে বৈদ্য়ুতিকৰণৰ কামো অব্য়াহত ৰাখিছে, যিটো বছৰৰ জুন মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে । সমান্তৰালকৈ গুৱাহাটী আৰু লামডিঙৰ মাজৰ শাখাটোৰ কামো এই বছৰৰ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য আগত ৰাখিছে এনএফআৰে । ২০২৩ চনৰ ভিতৰত আন সকলো শাখাৰ অৱশিষ্ট অংশৰ কামো আৰম্ভ হোৱাৰ আশা কৰা হৈছে ।

ইয়াৰোপৰি ৰেল চলাচলৰ ক্ষেত্ৰত সুৰক্ষা উন্নত কৰিবলৈ, কুঁৱলী বতৰত ৰেলৰ সঞ্চালন, চিগনেল অভাৰশ্বুটিং আৰু অত্য়াধিক গতিৰ ফলত হোৱা ঘটনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিশেষ ব্য়ৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

'ভিজন ২০২৪'ত উল্লেখ কৰা এই সকলো পৰিকল্পনাৰ লক্ষ্যত উপনীত হ'ব পাৰিলে এনএফআৰৰ অন্তৰ্গত মূল স্থানত ১৩০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিত ৰেল চলিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক : ৰাজস্থানত পুৰস্কাৰ ঘোষিত পলাতক অপৰাধীৰ বাসগৃহ উচ্ছেদ প্ৰশাসনৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.