নিউজ ডেস্ক , 15 মাৰ্চঃ এতিয়াৰ পৰা ভাৰতীয় ৰে'লৰ শীত-তীপ নিয়ন্ত্ৰিত কক্ষত উপলব্ধ নহ'ব কম্বল আৰু পৰ্দা ৷ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা COVID19 ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ৰে'লসেৱা কৰ্তৃপক্ষই ৷ পৰৱৰ্তী নিৰ্দেশ নহালৈকে কোনো ৰে'লতেই শীত-তাপ নিয়ন্ত্ৰিত ডবাত যাত্ৰা কৰা যাত্ৰী সকলৰ বাবে উপলব্ধ নহ'ব কম্বল আৰু পৰ্দা ৷ কেৱল বিচনা চাদৰ , গাৰুৰ ক'ভাৰ আৰু টাৱেল যোগান ধৰা হ'ব যাত্ৰী সকলক ৷ প্ৰেছ বিজ্ঞপ্তিযোগে এই ঘোষণা কৰিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সুভানন চন্দাই ৷ প্ৰত্যেক যাত্ৰাৰ পাছতেই যিহেতু কম্বল আৰু পৰ্দা সমূহ পৰিস্কাৰ কৰা নহয় , সেয়েহে এই সমূহৰ জৰিয়তে ভাইৰাছ সংক্ৰমিত হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে , যাৰ বাবে ৰে'লসেৱা কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ নিজৰ সুবিধাৰ্থে যাত্ৰীসকলে কম্বল লৈ আহিব পাৰিব ৷ উল্লেখযোগ্য যে , জৰুৰী অৱস্থাৰ বাবে পৰ্দা আৰু কম্বল মজুত ৰখা হ'ব আৰু কোনো যাত্ৰীৰ বিশেষ আৱশ্যক হ'লে তেঁওলোকক যোগান ধৰা হ'ব বুলি জানিবলৈ দিয়ে ৰে'ল কৰ্তৃপক্ষই ৷
কৰ'ণা ভাইৰাছৰ ভয়াৱহতা দূৰ নোহোৱালৈকে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেইও অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যাত্ৰীৰ সংস্পৰ্শলৈ আহিব পৰা ৰে'লগাড়ীৰ ডবাসমূহৰ সকলো স্থানেই সঘনাই পৰিস্কাৰ কৰি বীজাণুমুক্ত কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূৱ সীমান্ত ৰে'লৱেই ৷ উল্লেখযোগ্য যে, সংক্ৰামক এই ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহ কাৰ্যকৰী কৰিবৰ বাবে গঠন কৰি দিয়া হৈছে পৃথক পৃথক দল ৷ যাত্ৰাৰ সময়ত যাত্ৰী সকলে গ্ৰহণ কৰিব লগা সাৱধানতাসূচক পদক্ষেপৰ বিষয়ে যাত্ৰী সকলক সচেতন কৰিবলৈ প্ৰত্যেকটো ৰে'ল ষ্টেছনতেই আঞ্চলিক ভাষাত ঘোষণা দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰপূৱ সীমান্ত ৰে'লৱেই ৷ যাত্ৰী সকলৰ সুবিধাৰ্থে প্ৰয়োজনীয় সকলো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে ৷
লগতে পঢ়কঃকৰ'নাৰ আতংকঃ 29 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান